দিল্লী চৰকাৰী বিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা, মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ

দিল্লী চৰকাৰী বিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা, মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ

ডিজিটেল ডেস্কঃ এক্সন মুডত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ এখন চৰকাৰী বিদ্যালয়ত যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ এক বিশেষ নিৰ্দেশনা দিছে।

উত্তৰ-পশ্চিম দিল্লীৰ এখন চৰকাৰী বিদ্যালয়ত দুজন ছাত্ৰক তেওঁলোকৰ সহপাঠীৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছিল। বিদ্যালয়খনৰ শিক্ষক আৰু উপ-অধ্যক্ষই এই কথা আৰক্ষী নজনোৱা বাবে দুই শিক্ষকক নিলম্বনৰ নিৰ্দেশ দিয়ে কেজৰিৱালে।

মঙলবাৰে তেওঁ এই নিৰ্দেশনা জাৰি কৰে। লগতে শিক্ষা সঞ্চালকালয়ক শিশু উৎপীড়নৰ ঘটনাৰ মোকাবিলা কৰাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিদ্যালয়সমূহক নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশীয়ে শিক্ষা সঞ্চালকালয়লৈ চিঠি প্ৰেৰণ কৰে। ভৱিষ্যতে যাতে এনেধনৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বিভাগটোক সতৰ্ক থাকিবলৈ কয়।

উল্লেখ্য যে, ১২ আৰু ১৩ বছৰ বয়সৰ দুজন শিক্ষাৰ্থীয়ে আৰক্ষীৰ ওচৰত পৃথকে অভিযোগ দাখিল কৰিছিল। তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকক প্ৰা ৬ জন সহপাঠীয়ে যৌন নিৰ্যাতন কৰিছিল। এপ্ৰিলত বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰৰ সময়ত সংঘটিত হৈছিল এই ঘটনা ।

এই ঘটনা সন্দৰ্ভত নিৰ্যাতন চলোৱা ছাত্ৰ কেইগৰাকীয়ে কাকো কবলৈ বাধা দিছিল। কিন্তু কেইদিনমান আগতে পুনৰ হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল। এই সকলো বিষয়ে শিক্ষকক অৱগত কৰিছিল যদিও শিক্ষকেই এই সন্দৰ্ভত মুখ নুখুলিবলৈ সতৰ্ক কৰি দিছিল।

দিল্লী চৰকাৰী বিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা, মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ
পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in