পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

ডিজিটেল সংবাদ, তিতাবৰঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু তিতাবৰ শুকানযানৰ বসন্ত চুতীয়া নামৰ ২০ বছৰীয়া যুৱকজনৰ । যোৱা ২৬ আগষ্টত মৃত্যু হয় যুৱকজনৰ ।

যুৱকজনে শনিবাৰৰ দিনা জ্বৰ অনুভৱ কৰিছিল দিনৰ ভাগত আৰু তাৰ পিছতেই ৰাতি মৃত্যু হয় বসন্ত চুতীয়াৰ । আজি পৰ্যন্ত বসন্ত চুতীয়াৰ নশ্বৰ দেহ ঘৰ আহি পোৱা নাই ঘৰলৈ।

জানিবলৈ পোৱা মতে বেংগালুৰুৰ আৰক্ষী এতিয়ালৈকে একো ব্যবস্থা কৰি দিয়া নাই । অভিযোগ অনুসৰি বেংগালুৰুৰ আৰক্ষীয়ে ৩০,০০০ টকা উৎকোচ বিছাৰিচে ভুক্তভোগী পৰিয়ালৰ পৰা । যাৰ বাবে এতিয়া চিন্তাত পৰিছে পৰিয়াল। এই ক্ষেত্ৰত অসম প্ৰশাসনত উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে।

পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ
অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে গোলাঘাটত অৱস্থান বিক্ষোভ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in