/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c1676a63-62f7-4c2c-89ec-93438736f0df/AP_FOR_WEB__kejriwal.jpg)
ডিজিটেল ডেস্কঃ দেশত কাৰ্যকৰী হ'ল কা। কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কটাক্ষ কৰি কয় যে এই কা আচলতে কি? কেন্দ্ৰীয় চৰকাৰে কৈছে যে যদি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘুসকলে ভাৰতৰ নাগৰিকত্ব (নাগৰিকত্ব সংশোধনী আইন) ল'ব বিচাৰে, তেন্তে তেওঁলোকক ইয়াক দিয়া হ'ব।
কেজৰিৱালে কয় যে, ইয়াৰ অৰ্থ এয়ে যে বৃহৎ সংখ্যকলোক অন্য দেশৰ পৰা অনা হ'ব আৰু চাকিৰ দিয়া হ'ব। তেওঁলোকৰ বাবে ঘৰ নিৰ্মাণ কৰা হ'ব আৰু তেওঁলোকে ইয়াত বসতি স্থাপন কৰিব। এয়া আচৰিত কথা।
কেজৰিৱালে কয় যে, কেন্দ্ৰীয় চৰকাৰে আমাৰ যুৱ প্ৰজন্মক নিযুক্তি দিব পৰা নাই কিন্তু পাকিস্তানৰ যুৱসকলক নিযুক্তি দিব বিচাৰিছে। ভাৰতত লাখ লাখ গৃহহীনলোক আছে। কিন্তু বিজেপিয়ে পাকিস্তানৰ লোকসকলক ইয়াত আনিব বিচাৰিছে। তেওঁ কয় যে ভাৰত চৰকাৰৰ ধন আমাৰ উন্নয়নৰ বাবে ব্যয় কৰিব লাগে, কিন্তু এই ধন এতিয়া পাকিস্তানীসকলক বসতি স্থাপনৰ বাবে ব্যয় কৰা হ'ব।
মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে এই দেশসমূহত প্ৰায় ২.৫ ৰ পৰা ৩ কোটি সংখ্যালঘু আছে, ভাৰতৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে আমাৰ দেশলৈ এক বিশাল জনসমাগম আহিব। এই ৩ কোটিলোক ভাৰত আহিলে তেওঁলোকক থকা ঠাই কত দিব, তেওঁলোকক নিযুক্তি কত দিব। এই কাম কেৱল বিজেপিয়ে ভোট বেংকৰ বাবে কৰি আছে।
Also Read: ৰঙিয়াৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন