মনিষ চিছোদিয়াৰ পিছত অৰবিন্দ কেজৰিৱাল ! ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক কৰিব জেৰা...

মনিষ চিছোদিয়াৰ পিছত অৰবিন্দ কেজৰিৱাল ! ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক কৰিব জেৰা...
মনিষ চিছোদিয়াৰ পিছত অৰবিন্দ কেজৰিৱাল ! ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক কৰিব জেৰা...

ডিজিটেল ডেস্কঃ মনিষ চিছোদিয়াৰ পিছত এইবাৰ পাল অৰবিন্দ কেজৰিৱালৰ! দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ বিপদ। সুৰা কেলেংকাৰী সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে অৰবিন্দ কেজৰিৱালকো জেৰা চলোৱাৰ সম্ভাৱনাই দেখা দিছে।

কিয়নো সুৰা কেলেংকাৰীৰ অভিযোগপত্ৰত অৰবিন্দ কেজৰিৱালৰ দুটা স্থানত নাম উল্লেখ আছে। কেৱল কেজৰিৱালেই নহয়, কেন্দ্ৰীয় বিজেপি চৰকাৰক চোকা সমালোচনাৰে বিভিন্ন সময়ত ব্যতিব্যস্ত কৰি তোলা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো জেৰা চলাব ইডিয়ে।

উল্লেখ্য যে সুৰা কেলেংকাৰী গোচৰ সন্দৰ্ভত বি আৰ এছ নেতা কে কবিতাক জেৰা কৰি আছে আৰক্ষীয়ে। আনহাতে শুকুৰবাৰে ই ডিয়ে মনিষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰি ৭ দিনৰ ৰিমাণ্ডত লৈছে।

কেজৰিৱালকো ই ডিয়ে জেৰা চলোৱাৰ সম্ভাৱনাই দেখা দিয়াৰ অন্তৰালত মুখ্যতঃ ৩ টা কাৰণে স্থান লাভ কৰিছে। প্ৰথমটো কাৰণ হৈছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি এজন বিষয়াই দিয়া তথ্যত উন্মোচিত হৈছে, সুৰা কেলেংকাৰীৰ খচৰাৰ প্ৰতিলিপি মনিষ চিছোদিয়া আৰু সতীন্দ্ৰ জৈনৰ উপস্থিতিত কেজৰিৱালৰ ঘৰত প্ৰস্তুত কৰা হৈছিল।

দ্বিতীয়তে ফেচটাইমত এজন অভিযুক্তৰ সৈতে কথা পাতি থকাৰ সময়ত অৰবিন্দ কেজৰিৱালে বিজয় নায়াৰৰ নাম উল্লেখ কৰি কৈছিল- তেওঁ মোৰ মানুহ, তেওঁৰ সৈতে কথা পাতক।

আনহাতে তৃতীয়টো কাৰণ হৈছে অৰবিন্দ কেজৰিৱালৰ পি এ জনকো ইতিমধ্যে ই ডিয়ে জেৰা চলাইছে। গতিকে তেওঁকো জেৰা কৰাৰ সম্ভাৱনা আছে।

মনিষ চিছোদিয়াৰ পিছত অৰবিন্দ কেজৰিৱাল ! ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক কৰিব জেৰা...
মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in