মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ...

মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ...
মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান মৰিধল মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ আৰ্থিক সাহায্যৰে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ হৈছে ৷ শুকুৰবাৰে প্ৰথম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক অখিল ৰঞ্জন দত্তই ভাষণ প্রদান কৰা আলোচনা সত্ৰত আদৰণি ভাষন আগবঢ়াই মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিপেন শ‍ইকীয়াই ৷

“ উত্তৰ পূৰ্ব ভাৰতৰ প্ৰাসংগিকতাৰে এক বিংশ শতিকাত লিংগ" শীৰ্ষক আলোচনা সত্ৰত সমলবক্তি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° দিব্যজ্যোতি দত্ত , দার্জিলিংস্হিত চেইন্ট যোচেফ কলেজৰ সহযোগী অধ্যাপক ড° পদম নেপাল আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক মিঞাজি হাজমে উপস্হিত থকা আলোচনাসত্ৰত সৰ্ব্বমুঠ ৫০ খন গৱেষণা পত্ৰ পাঠ কৰে ।

অৰুণাচল প্ৰদেশ ,পশ্চিম বংগ তথা অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰা মুঠ ১৫৮ জন গৱেষক তথা শিক্ষকে অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, এই অনুষ্ঠানতে মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° বেবীমণি গগৈৰ এখনি গৱেষণামূলক গ্রন্হ "অসমত তিৱা জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি" উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যপক অখিল ৰঞ্জন দত্তই ৷

মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ক্ৰমে ড° সুৰভী গোহাঁই দুৱৰা ,ধৈৰ্য্যজ্যোতি পাটোৱাৰী আৰু হিৰণ্য গগৈয়ে সম্পাদনা কৰা অ'পেন হৰিজন (open Horizon) নামৰ গ্ৰন্থখন উন্মোচন কৰে চেইন্ট যোচেফ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° পদম নেপালে ৷ দুয়োখন গ্ৰন্থ মৰিধল মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা প্ৰকাশ কৰা হয় ৷

আজি শেষৰ দিনা পুৱা ১০ বজাৰ পৰা গৱেষনা পত্ৰ পাঠেৰে কাৰ্য্যসূচী আৰম্ভ হ'ব ৷ ইয়াৰ পিছতেই আলোচনাসত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাধ্যপক ডলি ফুকন ,ইতিহাস বিভাগৰ প্ৰাধ্যপক চন্দন শৰ্মা আৰু ইংৰাজী বিভাগৰ প্ৰাধ্যপক মৃদুল বৰদলৈয়ে ৷

মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাসত্ৰ আৰম্ভ...
মঙলদৈৰ মোৱামাৰীত উত্তপ্ত পৰিস্থিতিঃ ব্যৱসায়ীয়ে শূন্যলৈ গুলী চলাই ৰক্ষা কৰিলে প্ৰাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in