পুৱাই আদালতত হাজিৰ অৰবিন্দ কেজৰিৱালঃ লাভ কৰিলে অগ্ৰিম জামিন...

ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে দাখিল কৰিছিল আৱেদন, ৮ বাৰকৈ এৰি চলিছিল চমন...
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ আবকাৰী কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ৰাউজ এভিনিউ আদালতে। শনিবাৰে পুৱাৰে আদলতত হাজিৰ হয়গৈ অৰবিন্দ কেজৰিৱাল

উল্লেখ্য যে, ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে ৰাউজ এভিনিউ আদালতত অভিযোগ দাখিল কৰিছিল। তদন্তকাৰী সংস্থাটোৰ অভিযোগ আছিল অৰবিন্দ কেজৰিৱালৰে দিল্লীৰ আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত মুঠ ৮ বাৰকৈ সোধা-পোছাৰ বাবে জাৰি কৰা চমন এৰি চলিছিল। কিন্তু কেজৰিৱালে চৰকাৰী অনুষ্ঠান আৰু দলীয় কাৰ্যসূচীসমূহত সঠিকভাৱেই অংশগ্ৰহণ কৰি আছে।

বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে ১৬ মাৰ্চত কেজৰিৱালক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশ অনুসৰিয়েই তেওঁ শনিবাৰে পুৱা আদালতত হাজিৰ হয়।

মন কৰিবলগীয়া যে, ইডিয়ে কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। কেজৰিৱাললৈ আবকাৰী কেলেংকাৰীৰ বাবে ইডিয়ে জাৰি কৰা পঞ্চমখন চমন অগ্ৰাহ্য কৰাৰ পিছতো আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো।

৩ ফেব্ৰুৱাৰীত এই সন্দৰ্ভত আদালতত আৱেদন দাখিল কৰিছিল ইডিয়ে। ৭ ফেব্ৰুৱাৰীত এই আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্য়ায়ালয়ে কেজৰিৱালক আদালতত হাজিৰ হ'বলৈ আৰু বিবৃতি দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

কিন্তু ১৭ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাত ফ্ল'ৰটেষ্টৰ অচিলাৰে ন্যায়ালয়ত শাৰীৰকভাৱে উপস্থিত হোৱাৰ পৰিৱৰ্তে ভাৰ্ছুৱেলীহে উপস্থিত হয়। দিল্লীৰ আবকাৰী দুৰ্নীতি গোচৰত মুঠ ৮ বাৰ ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছে। কিন্তু প্ৰতিবাৰেই তেওঁ এই চমন এৰি চলিছে।

বিগত সোমবাৰে অৰবিন্দ কেজৰিৱালে কৈছিল যে, তেওঁ ১২ মাৰ্চৰ পাছতহে ইডিৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। আপৰ নেতৃত্বই সংবাদ মেলৰ জৰিয়তে কৈছিল অৰবিন্দ কেজৰিৱালে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেহে ইডিৰ সকলো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ বিচাৰে। কিন্তু ইডিয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰশ্ন কৰা নহ'ব বুলি জনায়।

পৰৱৰ্তী সময়ত আদালতেও কেজৰিৱালক শাৰীৰিকভাৱে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে। সেই নিৰ্দেশ মানিয়েই শনিবাৰে আদালতত উপস্থিত হয় তেওঁ আৰু আগতিয়া জামিন আৱেদন কৰি সেই জামিনো লাভ কৰে।

স্মৰ্তব্য, দিল্লীৰ এই আবকাৰী গোচৰতে শুকুৰবাৰে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাওৰ কন্যা তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ বিধান পৰিষদৰ সদস্য কে কবিতাক। হায়দৰাবাদত গ্ৰেপ্তাৰ কৰি তেওঁক লৈ অনা হৈছে দিল্লীলৈ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজনঃ হস্ততাঁত শিল্প আদৰ্শ পৰ্যটন গাঁও উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in