কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজনঃ হস্ততাঁত শিল্প আদৰ্শ পৰ্যটন গাঁও উদ্বোধন

ম’হপৰাত মন্ত্ৰী ইউ জি ব্ৰহ্ম, অতুল বৰাই উদ্বোধন কৰে এই বৈঠক
কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজনঃ  হস্ততাঁত শিল্প আদৰ্শ পৰ্যটন গাঁও উদ্বোধন
কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজনঃ হস্ততাঁত শিল্প আদৰ্শ পৰ্যটন গাঁও উদ্বোধন

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন। দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাৰ ম’হপৰাত হস্ততাঁত শিল্প আদৰ্শ পৰ্যটন গাঁৱৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন। ম’হপৰাত স্থাপন কৰা এই হস্ততাঁত শিল্প পৰ্যটন গাঁওখন ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প।

ম'হপাৰাত আয়োজিত উদ্বোধনী অনুষ্ঠানত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী ইউ জি ব্ৰহ্ময়ে কয় যে- বৰ্তমান চৰকাৰখনে মহিলাসকলক স্বনিয়োজন কৰাৰ লক্ষ্যৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই প্ৰকল্পটোৱে স্থানীয় শিপিনী বিশেষকৈ মহিলাসকলক উন্নত জীৱিকা তথা গাঁওবাসী সকলক অতিৰিক্ত উপাৰ্জনৰ বাবে প্ৰাসংগিক সমৰ্থন প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

হস্ততাঁত শিল্প পৰ্যটন গাঁওখনে ম'হপৰাক ভাৰতৰ পৰ্য্যটন মানচিত্ৰত এক সুকীয়া স্থান প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰি এই প্ৰকল্পটোক সফল কৰি তোলাৰ লগত জড়িত সকলোকে তেওঁ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। একেদৰে মন্ত্ৰী অতুল বৰাই কয় যে, কঁহৰাৰ ম'হপৰাত স্থাপন কৰা হস্ততাঁত শিল্প পৰ্যটন গাঁওখনে মহিলাসকলৰ স্বনিয়োজনৰ পথ মুকলি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।

ইপিনে আগন্তুক নিৰ্বাচনত মিত্ৰজোটে ১২ খন নিশ্চিত আসন লাভ কৰাৰ লগতে আন এখন আসন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি দুয়োগৰাকী নেতাই মন্তব্য কৰে।আনহাতে বিৰোধী ঐক্যমঞ্চ একপ্ৰকাৰ থানবান হৈ যোৱা বুলি কটাক্ষ কৰে মন্ত্ৰীদ্বয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in