Arvind Kejriwal: মুকলি আকাশৰ তললৈ কেজৰিৱালঃ হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ...

ইডিৰ গোচৰৰ পাছত চি বি আইৰ গোচৰত চৰ্ত সাপেক্ষে লাভ কৰিলে জামিন

author-image
Asomiya Pratidin
New Update
Arvind Kejriwal: মুকলি আকাশৰ তললৈ কেজৰিৱালঃ হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ...

Aevind Kejriwal: মুকলি আকাশৰ তললৈ কেজৰিৱালঃ হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ...

ডিজিটেল ডেস্কঃ অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi CM Arvind Kejriwal)। প্ৰায় ছমাহ ধৰি দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপৰ নেতাগৰাকীক আজি উচ্চতম ন্যায়ালয়ে বহু চৰ্চিত সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত চি বি আইত ৰুজু হৈ থকা গোচৰত জামিন প্ৰদান কৰিলে।

Advertisment

ইয়াৰ পূৰ্বে তেওঁ ইডিৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল কেজৰিৱালে তেওঁৰ জামিন প্ৰসংগত অধিবক্তা সঞ্জীৱ নাছিয়াৰে কয়, ''চি বি আই গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছে। আজি এক ডাঙৰ সকাহৰ দিন।''

তেওঁ কয়, ''মুখ্যমন্ত্ৰী কেজৰিৱালক যোৱা ৫ মাহ কাৰাগাৰত বন্দী কৰি থোৱা আছিল। গোচৰটোৰ শুনানিৰ সময়ত দুয়োজন ন্যায়াধীশৰ পৃথক দৃষ্টিভংগী আছিল। জামিন নিৰ্দেশনা বাহিৰ হোৱাৰ পিছতহে সবিশেষ কবলৈ পাৰিম।''

লগতে অধিবক্তাগৰাকীয়ে এই কথাও কয় যে, ''অৰবিন্দ কেজৰিৱালে চি বি আই সম্পৰ্কিত বিষয়ত যি কোনো মন্তব্য দিব নোৱাৰিব। কিয়নো এই বিষয়টো ন্যায়ালয়ৰ মজিয়াত আছে। যেতিয়াই তেওঁক বিচাৰিব তেওঁ ন্যায়ালয়ত উপস্থিত হ'ব লাগিব। আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিব পাৰিব। আমি শীঘ্ৰেই তেওঁক দিল্লী আৰু হাৰিয়ানাত দেখিবলৈ পাম।''

দিল্লীৰ সুৰা নীতি ( Delhi's Excise Policy) কেলেংকাৰীৰ চি বি আইৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অৰবিন্দ কেজৰিৱালে প্ৰথমে তেওঁৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান নকৰাত উচ্চতম ন্যায়ালয় (Supreme Court Of India)ৰ কাষ চাপে।

যোৱা ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত কেজৰিৱালৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া অন্ত পৰিছিল। তাৰ পাছত এই জামিন আবেদনৰ ৰায় স্থগিত ৰাখিছিল ন্যায়ালয়ে। আজি সেই ৰায় ঘোষণা কৰ।

উল্লেখ্য যে, যোৱা ২১ মাৰ্চত সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। তাৰ পাছত তেওঁক একেটা গোচৰতে চি বি আইয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ নিশ্চিত হোৱাৰ পিছতো তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি নোলোৱাত তেওঁৱেই দেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ল যি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছে। তাৰোপৰি কেজৰিৱালে কাৰাগাৰৰ পৰাই মুখ্যমন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিলে।

সদ্য সমাপ্ত লোকসভা নিৰ্বাচন(Lok Sabha Election) ৰ সময়ত অৱশ্যে অৰবিন্দ কেজৰিৱালক নিৰ্বাচনী প্ৰচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে কেইদিনমানৰ বাবে মুকলি কৰি দিছিল। এই মুক্তিৰ ম্যাদ অন্ত পৰাৰ পাছতে তেওঁ পুনৰ তিহাৰ কাৰাগাৰৰ বাসিন্দা হয়।

আজি অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা (Justice Ujjal Bhuyan) ই কয়, ইডিৰ গোচৰত যাতে জামিনত মুক্তি লাভ নকৰে সেই কাৰণেই সম্ভৱতঃ চি বি আইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

Also Read: Adani Group, Hindenburg: ছুইছ বেংকত থকা আদানীৰ ৬ টা একাউণ্ট জব্দ, জমা আছিল ২৬০০০ কোটি...

দিল্লী সুৰা নীতি কেলেংকাৰী উচ্চতম ন্যায়ালয় অৰবিন্দ কেজৰিৱাল