Adani Group, Hindenburg: ছুইছ বেংকত থকা আদানীৰ ৬ টা একাউণ্ট জব্দ, জমা আছিল ২৬০০০ কোটি...
ডিজিটেল ডেস্কঃ ভাৰতীয় উদ্যোগপতি গৌতম আদানী (Goutam Adani) ৰ ২৬০০০ কোটি টকাসহ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিলে ছুইছ বেংকে। বৃহস্পতিবাৰে আমেৰিকাৰ হিণ্ডেনবাৰ্গ (Hindenburg) নামৰ ৰিছাৰ্ছ প্ৰতিষ্ঠানটোৱে ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম 'গথাম চিটি'ৰ উদ্ধৃতিৰে এই দাবী কৰিছে।
হিণ্ডেনবাৰ্গে প্ৰকাশ কৰা মতে আদানী গোষ্ঠী (Adani Group)ৰ সৈতে সম্পৰ্কিত কেইবাটাও একাউণ্ট জব্দ কৰা হৈছে। এই বেংক একাউণ্ট কেইটাত জমা থকা ধনৰ পৰিমাণ ৩১ কোটি ডলাৰ। ভাৰটীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ ২৬০০০ কোটি টকা।
এই বিশাল ধনৰাশি ছুইজাৰলেণ্ডৰ মুঠ ৬ টা বেংক একাউণ্টত জমা আছিল বুলিও দাবী কৰিছে হিণ্ডেনবাৰ্গে। আমেৰিকাৰ এই অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠানটোৰ এই প্ৰতিবেদনৰ পাছতে আদানী গ্ৰুপে এক স্পষ্টিকৰণ প্ৰকাশ কৰিছে।
আদানী গ্ৰুপে জনাইছে ছুইছজাৰলেণ্ডৰ কোনো বেংকত তেওঁলোকৰ প্ৰতিষ্ঠানৰ একাউণ্ট নাই। হিণ্ডেনবাৰ্গে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া অসত্য আৰু উদ্দেশ্যপ্ৰণোদিত বুলিও দাবী কৰিছে।
শুকুৰবাৰে এক বিবৃতি জাৰি কৰি আদানী গ্ৰুপৰ ফালৰ পৰা কয় এইদৰে- ''ছুইছ আদালতত আমাৰ কোনো বিষয় জড়িত হৈ থকা নাই। আমাৰ প্ৰতিষ্ঠানৰ কোনো একাউণ্ট কোনো কৰ্তৃপক্ষৰ দ্বাৰা বাজেয়াপ্ত হোৱা নাই।''
উল্লেখ্য যে, হিণ্ডেনবাৰ্গে বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল ২০২১ চনত বেআইনীভাৱে শ্বেয়াৰ আৰু অৰ্থনৈতিক লেনেদেন সংক্ৰান্তিয় এক গোচৰৰ তদন্তৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰিছে ছুইজাৰলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষই।
Swiss authorities have frozen more than $310 million in funds across multiple Swiss bank accounts as part of a money laundering and securities forgery investigation into Adani, dating back as early as 2021.
Prosecutors detailed how an Adani frontman invested in opaque…— Hindenburg Research (@HindenburgRes) September 12, 2024
অভিযোগ উঠিছিল গৌতম আদানীৰ মালিকানাধীন কোম্পানীৰ সৈতে জড়িত এগৰাকী নাগৰিকে ব্ৰিটিছ ভাৰ্জিন আইলেণ্ডছ, মৰিছাচ আৰু বাৰমুডাৰ বিত্তীয় প্ৰতিষ্ঠানত পুঁজি বিনিয়োগ কৰিছিল। সেই কোম্পানীসমূহে আকৌ আদানী গ্ৰুপত সম্পূৰ্ণ পুঁজি বিনিয়োগ কৰিছিল।
সেয়ে সেই ব্যক্তিজনৰ একাউণ্ট ফ্ৰীজ কৰাৰ লগতে আদানী গ্ৰুপৰ মুঠ ৬ টা একাউণ্ট ফ্ৰীজ কৰি তাৰ ধন বাজেয়াপ্ত কৰিছে বুলি দাবী কৰিছে হিণ্ডেনবাৰ্গে। তাৰ পাছতে ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে পৰা পৰিলক্ষিত হৈছে শ্বেয়াৰ বজাৰত।
স্মৰ্তব্য, হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে এয়াই নতুন অভিযোগ নহয়। ইতিপূৰ্বে কেইবাবাৰো এই অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠানটোৱে আদানী গ্ৰুপৰ অৰ্থনৈতিক লেনদেনৰ ওপৰত গৱেষণা কৰি শ্বেয়াৰ কেলেংকাৰীকে ধৰি একাধিক অৰ্থনৈতিক কেলেংকাৰীৰ অভিযোগ তুলিছিল।
হিণ্ডেনবাৰ্গৰ এনে প্ৰতিবেদনৰ পাছতেই অতি কম সময়তে বিশ্বৰ দ্বিতীয় ধনাধ্য ব্যক্তিলৈ পৰিণত হোৱা গৌতম আদানীৰ প্ৰতিষ্ঠানৰ শ্বেয়াৰ মূল্য হোৰাহোৰে হ্ৰাস পাইছিল আৰু তেওঁ ধনাধ্য ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানৰ পৰা নামি তলত পৰিছিল।
অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ আদানী গ্ৰুপে মূৰ তুলি থিয় হয় আৰু গৌতম আদানী এতিয়া শীৰ্ষ ১০ জন ধনাধ্য ব্যক্তিৰ মাজৰ এজন হৈ পৰিছে। হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে এইদৰে ধাৰাবাহিকভাৱে বিভিন্ন অভিযোগেৰে প্ৰতিবেদন প্ৰকাশ কৰি থকা বিষয়টোৱে এতিয়া বিশ্বজুৰি নানান প্ৰশ্নৰো অৱতাৰণা কৰিছে।
Also Read: সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ : তিনিজনক আটক