১৫ এপ্ৰিলত কেজৰিৱালৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...
অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ ১৫ এপ্ৰিলত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব। এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সকাহ নোপোৱাত উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছে আম আদমী পাৰ্টিয়ে।

আপে দাবী কৰে যে, তথাকথিত সুৰা কেলেংকাৰী কেজৰিৱাল আৰু তেওঁৰ দলটোক নিৰ্মূল কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ। এই গোচৰত উচ্চতম ন্যায়ালয়ে দলৰ নেতা সঞ্জয় সিঙক জামিন দিয়াৰ দৰেই অৰবিন্দ কেজৰিৱালকো সকাহ দিব বুলি কয় আপৰ জ্য়েষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে। লগতে উচ্চ ন্যায়ালয়ৰ আদেশৰ সৈতে তেওঁলোক একমত নহয় আৰু ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও উল্লেখ কৰে।

ভৰদ্বাজে কয় যে, তথাকথিত আবকাৰী নীতি গোচৰত ইডি আৰু চিবিআয়ে অবৈধ ধন জব্দ কৰাত ব্যৰ্থ হৈছে।গোটেই বিষয়টো ধন সৰবৰাহৰ সৈতে জড়িত নহয়, বৰঞ্চ ই দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ। দিল্লী আৰু পঞ্জাৱত অৰবিন্দ কেজৰিৱাল আৰু আপ চৰকাৰক চেপি ধ্বংস কৰাৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে সৌৰভ ভৰদ্বাজে।

উল্লেখ্য় যে, সুৰা নীতি কেলেংকাৰীৰ গোচৰত চলিত বৰ্ষৰ ২১মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ কৰিছিল।

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...
ৰামেশ্বৰম কেফেত বিস্ফোৰণৰ ঘটনাঃ দুই অভিযুক্তক ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ বাংগালুৰুলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in