/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b21c5d9e-74a7-4a2c-9a61-0851b210cb19/HGJ.jpg)
ডিজিটেল ডেস্কঃ বাংগালুৰুৰ ৰামেশ্বৰম কেফেত বিস্ফোৰণ কাণ্ড সংঘটিত কৰা দুই অভিযুক্তক ট্ৰেনজিট ৰিমাণ্ডত বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে। শনিবাৰে আৰক্ষীৰ সূত্ৰই এই তথ্য প্ৰদান কৰে। লগতে জনাই যে দুয়োজন অভিযুক্তক স্বাস্থ্য পৰীক্ষাৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আদালতত হাজিৰ কৰা হ'ব।
শুকুৰবাৰে কলকাতাৰ আদালতে বিস্ফোৰণৰ দুই অভিযুক্তক ৩ দিনীয়া ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ কৰি বাংগালুৰুলৈ আনিবলৈ এনআইএক অনুমতি প্ৰদান কৰিছিল। এনআইএৰ পৰা পোৱা তথ্য অনুসৰি, ছাজিব নামৰ অভিযুক্তজনে কেফেখনত বিস্ফোৰক সামগ্ৰী ৰোপণ কৰিছিল আৰু এ মথিন আহমেদ তাহা বিস্ফোৰণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ মূল ষড়যন্ত্ৰকাৰী আছিল।
বিগত মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দুই অভিযুক্ত সন্দৰ্ভত তথ্য প্ৰদান কৰিলে ১০ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল।
উল্লেখ্য যে, ১ মাৰ্চত ৰামেশ্বৰম কেফেত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণৰ অভিযোগত মুছাৱৱীৰ হুছেইন ছাজিব আৰু এ মথিন আহমেদ তাহাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । বিস্ফোৰণত ১০ জন লোক আহত হৈছিল।
Also Read: ছাৰ্ভিচ বন্দুকেৰে আত্মহনন CRPF জোৱানৰ