/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2bb98a22-045e-4e8c-beed-7e9e3e2b90ea/AP_FOR_WEB_kejriwal.jpg)
ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ৰেহাই নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সুৰা নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। মঙলবাৰে ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত দিল্লীৰ ৰ'জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত ১৫ এপ্ৰিল পৰ্যন্ত তিহাৰ জেলৰ বাসিন্দা হৈ থাকিব লাগিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
Also Read: কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us