Advertisment

কাৰাগাৰত কেজৰিৱালৰ হত্যাৰ ষড়যন্ত্ৰ চলিছেঃ আপ

দিনত দুবাৰকৈ ইনচুলিনৰ দৰকাৰ যদিও বাৰে বাৰে অনুৰোধ কৰা পাছটো ইনচুলিন প্ৰদান কৰা নহ'লঃ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ

ডিজিটেল ডেস্কঃ দিল্লী সুৰা নীতি কেলেংকাৰীৰে জৰিত থকাৰ অভিযোগত তিহাৰ জে'লত আৱদ্ধ হৈ আছে আপ নেতা অৰবিন্দ কেজৰিৱাল। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালে জে'লত আম খোৱাৰ লগতে কেইবাবাৰো মিঠাই খোৱাৰ অভিযোগ কৰিছে জে'ল কৰ্তৃপক্ষই।

Advertisment

ইয়াৰোপৰি জে'লত প্ৰথমাৱস্থাত কেজৰিৱালে ইনচুলিন লৈছিল যদিও পাছলৈ বন্ধ কৰি দিয়া বুলিও কয় জে'ল কৰ্তৃপক্ষই। লগতে জনাই যে কেজৰিৱালক ঘৰুৱা খাদ্য প্ৰদান কৰাৰ বাবে জাৰি কৰা চৰ্তত ফল-মূল বা আন কোনো বস্তু খোৱাৰ কথা উল্লেখ নাই।

আচলতে তেওঁ ডায়েট মানি চলা নাই। জে'ল কৰ্তৃপক্ষই এইমছৰ পৰা পোৱা মতামত অনুসৰি তেওঁ আম পৰিহাৰ কৰাটো উচিত। লগতে জে'লৰ নিয়ম অনুসৰি কয়দীক ঘৰুৱা খাদ্য প্ৰদান কৰা নহয়।

এই অভিযোগৰ প্ৰত্যুত্তৰত কেজৰিৱালৰ অধিবক্তাই আদালতক কয় যে, তেওঁ নিজ চিকিৎসকৰ সৈতে ভিডিঅ'ৰ জৰিয়তে আলোচনাৰ অনুমতি বিচাৰিছিল যদিও ইডিয়ে অনুমতি প্ৰদান কৰা নাছিল। ইয়াৰোপৰি তেওঁক ১ ফেব্ৰুৱাৰীৰ পৰা ইনচুলিন বন্ধ কৰাৰ পৰামৰ্শ দিছিল। কিন্তু কেজৰিৱালে জনাই যে তেওঁক নিয়মিত খাদ্য আৰু দৈনিক চিকিৎসাৰ প্ৰয়োজন,য'ত নিয়মীয়া ব্যায়ামো অন্তৰ্ভুক্ত।

এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব দিয়া মতে, তেওঁ কোনো ধৰণৰ নিয়মানুৱৰ্তিতা পালন কৰিব পৰা নাছিল। গ্ৰেপ্তাৰৰ পাছত মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ বাবে তেওঁক ইনচুলিনো প্ৰদান কৰা নাছিল।

উল্লেখ্য যে, এই সন্দৰ্ভত আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ চেষ্টা চলোৱা বুলিও দাবী কৰে। তেওঁক দিনত দুবাৰকৈ ইনচুলিনৰ দৰকাৰ যদিও বাৰে বাৰে অনুৰোধ কৰা পাছটো ইনচুলিন প্ৰদান কৰা নহ'ল বুলি কয় দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই।

Also Read: পুনৰ মিছাইল আক্ৰমণঃ ইৰানক আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলৰ...

tihar jail delhi cm arvind kejriwal aam admi party