অৰুণাচল নিৰ্বাচনঃ পৰ্যবেক্ষক হিচাবে উপস্থিত মন্ত্ৰী অশোক সিংহল

অৰুণাচল নিৰ্বাচনঃ পৰ্যবেক্ষক হিচাবে উপস্থিত মন্ত্ৰী অশোক সিংহল

ডিজিটেল সংবাদ,ইটানগৰঃ অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰংকুশ ভাবে সংখ্যাগৰিষ্ঠতাৰে পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। আজি ইটানগৰৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। ফটকা ফুটাই আৰু মিঠাই বিতৰণ কৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে আনন্দ কৰা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰী পেমা খান্দু আৰু অৰুণাচল প্ৰদেশৰ বিজেপিৰ নিৰ্বাচনী পৰ্যবেক্ষক অসমৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকি ভোটগণনা পৰ্যবেক্ষণ কৰে। দুয়ো গৰাকীয়ে এখন সংবাদমেলতো অংশগ্ৰহণ কৰে।

এই পৰ্যন্ত ৬০ খন বিধানসভা আসনৰ বাবে হোৱা নিৰ্বাচনত বিজেপিয়ে ৪৬ খন আসনত বিজয় সাব্যস্ত কৰিছে। ইয়াৰে ভিতৰত ১০ খন আসন বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছিল। বিজেপিৰ প্ৰধান বিৰোধী কংগ্ৰেছ দলে ১৯ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

এই পৰ্যন্ত বামেং বিধানসভা আসনত প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাই আগবাঢ়ি আছে। শেহতীয়া ফলাফল অনুসৰি নেছনেল পিপ'লছ পাৰ্টীয়ে প্ৰতিদ্বন্দিতা কৰা ২০ খন আসনৰ ভিতৰত ৫ খন আসনত বিজয় সাব্যস্ত কৰি বিধানসভাত দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে। এন চি পি দলে দুখন আসনত বিজয় সাব্যস্ত কৰিছে আৰু এখনত আগবাঢ়ি আছে।

এন চি পি দলে ১৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন শিক্ষামন্ত্ৰী টাবা টেডিৰ য়াচুলী সমষ্টিত এন চি পিৰ প্ৰাৰ্থী টক' টাটুঙৰ হাতত ২২৮ টা ভোটত পৰাজিত হৈছে। অৰুণাচল প্ৰদেশৰ আঞ্চলিক দল পিপ'লছ পাৰ্টী অব অৰুণাচলৰ ২ জন প্ৰাৰ্থী নাবাম বিবেক দৈমুখ বিধানসভা সমষ্টিত আৰু অকেন টায়েং মেবো বিধানসভা সমষ্টিত বিজিপিৰ প্ৰাৰ্থীক পৰাজিত কৰি বিজয়ী হৈছে। ৩ জন নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে লাইচাম চিমাই নামপং সমষ্টিত, ৱাংলাম চায়িন খুনচা পূৱ সমষ্টিত আৰু টেনজিং ন্যিমা গ্ল' থ্ৰিজিন' বুৰাগাও সমষ্টিত বিজয়ী হৈছে।

অৰুণাচল নিৰ্বাচনঃ পৰ্যবেক্ষক হিচাবে উপস্থিত মন্ত্ৰী অশোক সিংহল
ৰে'লৰ পৰা সন্ধানহীন বাহাৰুল ইছলাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in