ৰে'লৰ পৰা সন্ধানহীন বাহাৰুল ইছলাম

ৰে'লৰ পৰা সন্ধানহীন বাহাৰুল ইছলাম

ডিজিটেল সংবাদ,কামপুৰ : পেটৰ তাড়নাত হাইদৰাবাদত কৰ্মৰত যুৱক বাহাৰুল ইছলাম (৪৫) যোৱা ২৮ মে'ত ৰে'লত আহি থকা অৱস্থাত নিউ বঙাউগাঁও ষ্টেচনৰ পৰা সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালটোৰ খবৰ ল'বলৈ আন চাৰিজন যুৱকৰ লগত বাহাৰুল ইছলামেও ৰে'লৰ টিকট কাটি ঘৰলৈ আহি আছিল ৷

নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰে'লখন ৰখোৱাত বাহাৰুল কিবা এটা ল'বলৈ নমাৰ পিছত আৰু ঘূৰি অহা নাই বুলি লগৰ চাৰিজন যুৱকে জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে বহুত বিচাৰ-খোচাৰ কৰিছে যদিও সন্ধানহীন বাহাৰুলৰ মোবাইলটো চুইচ অফ হৈ আছে ৷

বিগত ৬দিন হৈ গ'ল পৰিয়ালৰ বাবে উপাৰ্জন কৰা একমাত্ৰ ল'ৰাটো ঘৰলৈ নহাত পিতৃ মোহাম্মদ আলী আৰু তেওঁৰ পত্নী চৰম হতাশাত দিন কটাবলগীয়াত পৰি ৰে'ল বিভাগক বাহাৰুলৰ সন্ধান দিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছে ৷ লগতে কোনো লোকে বাহাৰুলৰ সন্ধান পালে 9678933247 আৰু 9864498879 নম্বৰত জনাবলৈ পৰিয়ালে আহ্বান জনাইছে ৷

ৰে'লৰ পৰা সন্ধানহীন বাহাৰুল ইছলাম
মেঘালয়ত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in