জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ নিহত ২সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ নিহত ২সন্ত্ৰাসবাদী

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ নিহত ২সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাৰ ছপ'ৰৰ নাওপৰা অঞ্চলত শুকুৰবাৰে নিৰাপত্তা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষত লিপ্ত হয়।

Advertisment

উক্ত সংঘৰ্ষত দুজন সন্ত্রাসবাদী নিহত হয়। লগতে ২জন নিৰাপত্তাৰক্ষীও আহত হয়। নিহত হোৱা সন্ত্রাসবাদী দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে নিৰাপত্তাৰক্ষী বাহিনীয়ে সন্ত্রাসবাদীকেইটাৰ পৰা অস্ত্র-শস্ত্ৰৰ লগতে বহু পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰে। জানিব পৰামতে বৃহস্পতিবাৰে আৰক্ষী, সেনাবাহিনী আৰু চি আৰ পি এফে অঞ্চলটোত যৌথ অভিযান চলাইছিল।

Also Read: নাইনিতালত ভয়াৱহ বনজুই : ৩গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

jammu and kashmir army terrorist