নেতাৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়, প্ৰকৃত সমস্যাত গুৰুত্ব আৰোপ কৰক : শৰদ পাৱাৰ

নেতাৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়, প্ৰকৃত সমস্যাত গুৰুত্ব আৰোপ কৰক : শৰদ পাৱাৰ

ডিজিটেল ডেস্ক : দেশত শেহতীয়াকৈ চৰ্চা লাভ কৰা নেতাৰ আনুষ্ঠানিক শিক্ষা সন্দৰ্ভত উত্থাপিত বিতৰ্কক একে আষাৰেই নস্যাত কৰি দিয়ে নেশ্বনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ তথা দেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ শৰদ পাৱাৰে । শৰদ পাৱাৰে এক ভাষণত এই সন্দৰ্ভত মন্তব্য কৰে যে, দেশৰ ৰাজনৈতিক নেতা সকলৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয় বৰং দেশৰ প্ৰকৃত সমস্যাসমূহ যেনে নিবনুৱা সমস্যা, আইন-কানুন আৰু মূল্যবৃদ্ধিত হে গুৰুত্ব আৰোপ কৰা উচিত । নেতাৰ শিক্ষাগত অৰ্হতাই এইসমূহ সমস্যাৰ পাছতহে স্থান লাভ কৰিব আলোচনাৰ তালিকাত ।

উল্লেখ্য যে, কেইবাগৰাকীও বিৰোধী নেতা যেনে আম আদমি পাৰ্টীৰ অৰৱিন্দ কেজৰিৱাল আৰু শিৱ সেনাৰ উদ্ধৱ থাকেৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল । যাৰ বাবে কেজৰিৱালে ২৫,০০০ টকাৰ জৰিমনাও ভৰিব লগীয়া হৈছিল ।

কিন্তু এই সকলোৰে মাজত দেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ শৰদ পাৱাৰে কৰা মন্তব্যই নিশ্চয়কৈ এই সমগ্ৰ বিষয়টোক এক অন্য ৰূপ প্ৰদান কৰিব ভৱিষ্যতে । যদিও ৰাজনৈতিক নেতাসকলো শৈক্ষিক দিশৰ পৰা উপযুক্ত হোৱা উচিত একে সময়তেই শিক্ষাগত অৰ্হা, জ্ঞান আৰু অভিজ্ঞতা তিনিওটা সম্পূৰ্ণ পৃথক বিষয়বস্তু । এই সম্পৰ্কেও সমাজখন সচেতন হোৱাৰ প্ৰয়োজন ।

নেতাৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়, প্ৰকৃত সমস্যাত গুৰুত্ব আৰোপ কৰক : শৰদ পাৱাৰ
তিতাবৰস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সাংসদ পুঁজিৰে নিৰ্মান কৰা জিৰণি ঘৰ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in