তিতাবৰস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সাংসদ পুঁজিৰে নিৰ্মান কৰা জিৰণি ঘৰ উদ্বোধন

author-image
Asomiya Pratidin
New Update
তিতাবৰস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সাংসদ পুঁজিৰে নিৰ্মান কৰা জিৰণি ঘৰ উদ্বোধন

সাংসদ কামাখ্যা প্ৰসাদ তাছা

ডিজিটেল সংবাদ, বেকাজানঃ জৱাহৰ নবোদয় বিদ্যালয়ৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । বিদ্যালয়খনলৈ বিভিন্ন কাম কৰিবলৈ অহা লোকসকল অথবা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে জিৰণি ল'ব পৰাকৈ তেওঁৰ সাংসদ পুঁজিৰ ৫ লাখ টকাৰে নিৰ্মাণ কৰে শিক্ষাৰ্থীৰ জিৰণি চ'ৰাটো ।

Advertisment

আজি সাংসদ গৰাকী জৱাহৰ নবোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়খনৰ চৌহদত নিৰ্মান কৰা জিৰণি ঘৰটো ফিটা কাটি উদ্বোধন কৰে । এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব নবোদয় বিদ্যালয়ৰ সহকাৰী আয়ুক্ত বি.দি. ৰামটেকে, বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা শান্তিলাল তেলী, প্ৰাক্তন অধ্যক্ষ অনুৰা গুপ্তা, ৰাজ্যিক বিজেপিৰ চাহ মৰ্চাৰ সম্পাদক অঞ্জন কুৰ্মীৰ লগতে বিদ্যালয়খনৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল । ইফালে দুদিনীয়াকৈ অনুষ্ঠিত ৰূপালী জয়ন্তী অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শোভাযাত্ৰা উলিওৱা হয় ।

Also Read: বিশ্বৰ সৰ্বাধিক বিলিয়নেয়াৰৰ দেশৰ তালিকাত তৃতীয় স্থানত ভাৰত

kamakhya prasad tasa