/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/94ac6224-aaa3-46cd-97c2-730e4f431bb3/PM.jpg)
ডিজিটেল ডেস্কঃ দেশৰ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহ লগ লাগি পাটনাত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকৰ অন্তত বিৰোধী মিত্ৰজোঁটৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাবে কাক প্ৰক্ষেপ কৰিব এই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি চলিছিল সৰব চৰ্চা । এই চৰ্চাৰ মাজতেই সোমবাৰে মুখ খুলিছে এনচিপিৰ নেতা শাৰদ পাৱাৰে ।
শাৰদ পাৱাৰে বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ সন্দৰ্ভত কয় যে, "প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই শুকুৰবাৰৰ বৈঠকত ।" লগতে নেতাগৰাকীয়ে কয়, "আমি সাম্প্ৰদায়িকতা, মূল্যবৃদ্ধি আৰু নিবনুৱাৰ দৰে বিষয়ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে লোৱা হৈছে সিদ্ধান্ত ।"
শুকুৰবাৰে পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিমন্ত্ৰণ মৰ্মে বিজেপি বিৰোধী ১৫ টা দলে ভাগ লৈছিল বৈঠকত । উক্ত বৈঠকত অংশগ্ৰহণ কৰিছিল এনচিপিৰ নেতা শাৰদ পাৱাৰ, আৰু তেখেতৰ কন্যা সুপ্ৰীয়া সুলেকে ধৰি বহু কেইটা বিৰোধী দলৰ নেতাই । এই বৈঠকৰ পিছতেই শাৰদ পাৱাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মতাভেদ আতৰাই ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ জনাইছিল আহ্বান ।
Also Read: ৰণোজ পেগু, প্ৰমোদ বড়োৰ টুইটক লৈ বিভ্ৰান্তিঃ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক কোন ?
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us