ৰণোজ পেগু, প্ৰমোদ বড়োৰ টুইটক লৈ বিভ্ৰান্তিঃ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক কোন ?

ৰণোজ পেগু, প্ৰমোদ বড়োৰ টুইটক লৈ বিভ্ৰান্তিঃ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক কোন ?

ডিজিটেল ডেস্কঃ অসমৰ অপূৰ্ণা নাৰ্জাৰী দেশৰে এগৰাকী সম্ভাৱনাময় ফুটবল খেলুৱৈ। ২০০৪ চনৰ ৮ জানুৱাৰীত কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈয়ে প্ৰচুৰ সম্ভাৱনা জগাই তুলিছে ফুটবল ক্ষেত্ৰখনত। ভাৰতীয় মহিলা জাতীয় দলৰো বৰ্তমানৰ খেলুৱৈ ১৯ বছৰীয় অপূৰ্ণাই ফুটবলত ছিনিয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ইণ্ডিয়ান এৰোছৰ জৰিয়তে। ইণ্ডিয়ান অ'মেন লিগত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা অপূৰ্ণাৰ নামতে আছে এখন খেলত হেটট্ৰিক কৰাৰ কৃতিত্বও।

কোকৰাঝাৰৰ ফটিৱালা বসুমতাৰী আৰু বীৰ নাৰ্জাৰীৰ কন্যা অপূৰ্ণাই ভাৰতীয় দলৰ হৈ ছাফ গেমছতো অংশ লৈছিল। ষ্ট্ৰাইকাৰ হিচাবে খেলপথাৰত নমা অপূৰ্ণাৰ আছে বল কণ্ট্ৰোলিং, ডিবলিং আৰু শ্বুটাৰৰ বিশেষ দক্ষতা। এইগৰাকী প্ৰতিভা সম্পন্ন অসমৰ ফুটবল খেলুৱৈ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক নিৰ্বাচিত হোৱা বুলি এক খবৰ আহিছিল। নি:সন্দেহে সেই খবৰ অসমবাসীৰ বাবে আছিল অত্যন্ত ভাল খবৰ।

শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিটিআৰ মুৰব্বী প্ৰমোদ বড়োৱে অপূৰ্ণা নাৰ্জাৰী অধিনায়ক হোৱাৰ খবৰ দিছিল টুইটাৰযোগে। জনাইছিল খেলুৱৈ গৰাকীক অভিনন্দনো। তাৰ পাছতেই এই ভাল খবৰকলৈ সকলোৱে আনন্দ প্ৰকাশ কৰাৰ লগতে একাংশ ৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদ মাধ্যতো গুৰুত্ব সহকাৰে সেই টুইটৰ আধাৰত এই ভাল খবৰটো প্ৰকাশ কৰা হৈছিল । কিন্তু প্ৰকৃততে এই খবৰটো সঁচা নাছিল । ৰণোজ পেগু আৰু প্ৰমোদ বড়োৱে আঁতৰাই পেলাইছে তেওঁলোকৰ টুইট ।

অল ইণ্ডিয়া ফুটবল ফেডাৰছনৰ ৱেব ছাইটত ভাৰতীয় মহিলা ফুটবল দলৰ সন্দৰ্ভত থকা তথ্য অনুসৰি মহিলা দলৰ অধিনায়ক সলনি কৰাৰ কোনো তথ্য উল্লেখ নাই । ভাৰতীয় জাতীয় মহিলা ফুটবল দলত স্থান পোৱাৰ পূৰ্বে ২০ অনূৰ্ধ্বৰ দলতো স্থান লাভেৰে অপূৰ্ণা নাৰ্জাৰীয়ে তেওঁৰ ফুটবল কেৰিয়াৰত বিশাল সম্ভাৱনাৰ উমান দিছিল। হয়তো এদিন ভাৰতীয় ফুটবল দলক এইগৰাকী খেলুৱৈয়ে নেতৃত্ব দিব। বৰ্তমান ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক হিচাপে আছে আশালতা দেৱী ।

ৰণোজ পেগু, প্ৰমোদ বড়োৰ টুইটক লৈ বিভ্ৰান্তিঃ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক কোন ?
ধিং মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in