প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ছত্তিশগড়ত পুনৰ বিস্ফোৰণ

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ছত্তিশগড়ত পুনৰ বিস্ফোৰণ

author-image
Asomiya Pratidin
New Update
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ছত্তিশগড়ত পুনৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক : ছত্তিশগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে পুনৰ সংঘটিত হৈছে বোমা বিস্ফোৰণ কাণ্ড। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত পুনৰ সংঘটিত ই আই ডি বোমা বিস্ফোৰণ কাণ্ড।

Advertisment

মাওবাদী অধ্যুষিত ছুকমা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰামতে এই ঘটনাত নিৰাপত্তাৰ দায়িত্বত থকা এজন অৰ্ধসামৰিক বাহিনীৰ জোৱান আহত হয়। তন্দামাৰ্কাৰ অঞ্চলৰ ঘন জংঘলৰ মাজত এই বিস্ফোৰণ সংঘটিত হৈছে।

উল্লেখ্য যে, সোমবাৰে সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণৰ দৰে ঘটনা। এই বিস্ফোৰণত আহত হৈছিল এজন বি এছ এফ জোৱান আৰু দুজন নিৰ্বাচনী বিষয়া। ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।

সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী। উল্লেখযোগ্য যে এই নিৰ্বাচন বৰ্জনৰ আহ্বান কৰিছে মাওবাদীয়ে। ৰাজ্যখনত ইয়াৰ পূৰ্বেও বিভিন্ন নিৰ্বাচনত মাওবাদীয়ে সন্ত্ৰাসমূলক কাৰ্য কৰি আহিছে।

Also Read: ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...

police