৩০০ কোটিটকীয়া কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীক ১৪ দিনৰ ন্যায়িক জিম্মা...

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক ইয়াত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
৩০০ কোটিটকীয়া কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীক ১৪ দিনৰ ন্যায়িক জিম্মা...

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক ইয়াত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তেলেগু দেশম পাৰ্টিৰ (টিডিপি) সভাপতি এন চন্দ্ৰবাবু নাইডুক দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি) আদালতত দেওবাৰে পুৱা হাজিৰ কৰা। ইয়াৰ এদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।

Advertisment

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক শনিবাৰে পুৱা প্ৰায় ৬ বজাত নন্দল চহৰৰ গন্নাপুৰমৰ আৰ কে ফাংচন হলৰ বাহিৰৰ পৰা চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰিছিল। অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে দক্ষতা বিকাশ নিগম কেলেংকাৰীৰ "মুখ্য ষড়যন্ত্ৰকাৰী" বুলি অভিহিত কৰিছিল।

লগতে এয়াও অভিযোগ কৰিছে যে, কেলেংকাৰীটোৱে ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰ লোকচান কৰিছিল। চিআইডিৰ মতে কেলেংকাৰীৰ মূল ষড়যন্ত্ৰকাৰী আছিল নাইডু।

Also Read: বলেৰ’ৰ খুন্দাত নিহত যুৱক, আন এজন গুৰুতৰভাৱে আহত

andhrapradesh