আৰু কিমান দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগিত ৪১ জন শ্ৰমিক?

আৰু কিমান দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগিত ৪১ জন শ্ৰমিক?
আৰু কিমান দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগিত ৪১ জন শ্ৰমিক?

ডিজিটেল ডেস্কঃ এদিন এদিনকৈ দিনবোৰ পাৰ হৈ ৯ দিন হ’লহি। এতিয়াও উদ্ধাৰ কৰিব পৰা নাই উত্তৰকাশীত নিৰ্মীয়মান সুৰংগপথত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক। সুৰংগৰ সন্মুখভাগৰ পৰা ৬০ মিটাৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে সকলো আধুনিক কাৰিকৰী সঁজুলি।

তেওঁলোকক উদ্ধাৰৰ ক্ষেত্ৰত বিদেশৰ অত্যাধুনিক যন্ত্ৰও বিফল হৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিছে।

শ্ৰমিকসকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সাহায্য আগবঢ়াব বুলি পুষ্কৰ সিং ধামীক জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্য যে, বিগত ২১ নৱেম্বৰত উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় পথত নিৰ্মাণ কৰা সুৰংগ পথৰ এটা অংশ খহি পৰিছিল।

সেই সময়ত সুৰংগৰ ভিতৰত কৰ্মৰত হৈ আছিল শ্ৰমিকসকল। তেতিয়াৰে পৰা ৮ মিটাৰ উচ্চতাৰ প্ৰায় ২ কিলোমিটাৰ দীঘল সুৰংগত আৱদ্ধ হৈ আছে শ্ৰমিকসকল। শ্ৰমিকসকলক সুৰংগৰ ভিতৰতে পাইপৰ জৰিয়তে খাদ্য সামগ্ৰীৰ লগতে এণ্টি ডিপ্ৰেছন আদিৰ ঔষধ যোগান ধৰি থকা হৈছে।

প্ৰায় প্ৰতি মুহূৰ্ততে তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে।শ্ৰমিকসকলৰ পৰিয়ালৰ একাংশ লোকো সুৰংগৰ বাহিৰতে উদ্ধাৰকাৰীৰ সৈতে বাহৰ পাতিছে। তেওঁলোকেও শ্ৰমিকসকলৰ সৈতে সময়ে সময়ে কথা-বতৰাত লিপ্ত হৈছে।

সুৰংগটোৰ সমুখভাগৰ পৰা খহি পৰা মাটি, শিল আদি আধুনিক মেচিনৰ সহায়ত খান্দি উদ্ধাৰ অভিযান চলাই থকা হৈছিল যদিও শুকুৰবাৰে সুৰংগটোক ভিতৰৰ পৰা আৱদ্ধ কৰি ৰখা এটা পাথৰ আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে ভিতৰৰ পৰা পুনৰ ভূমিস্খলনৰ শব্দ আহে। ফলত উদ্ধাকাৰীসকলে এই অভিযান তাতেই সামৰে।

এতিয়া এই শ্ৰমিকসকলক সুৰংগৰ ওপৰৰ পৰা খান্দি পুনৰ উদ্ধাৰ অভিযান চলোৱা হ’ব বুলি জানিব পৰা গৈছে। ৯ দিন ধৰি এইদৰে শ্ৰমিকসকল সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হোৱা বিষয়টোৱে এতিয়া সকলোৰে মাজত উদ্বেগ বৃদ্ধি কৰিছে।

শ্ৰমিকসকলেও তেওঁলোকক সোনকালে উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে। উত্তৰাখণ্ড চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত জনোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেওঁলোকক সকলোধৰণৰ সহায়, সহযোগিতা কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত এই শ্ৰমিকসকলক শীঘ্ৰেই উদ্ধাৰ কৰা হ'ব। সোমবাৰে অৱশ্যে পুনৰ এই উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিবলৈ ডাঙৰ ডাঙৰ কিছুমান নতুন মেচিন অনা হৈছে।

আশা কৰা হৈছে এই অত্যাধুনিক মেচিন কেইটাৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰিব পৰা যাব। এন ডি আৰ এফ, এছ ডি আৰ এফ, বি আৰ অ’, আই টি বি পি আদিৰ উদ্ধাৰকাৰী দলে যৌথভাৱে চলোৱ এই উদ্ধাৰ অভিযান বিগত ৯ দিন ধৰি চলিছে যদিও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰা বিষয়টোৱে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। সুৰংগটোৰ ভিতৰত আৰু কিমান দিনলৈ তেওঁলোকক থাকিব পাৰিব তাক লৈও দুচিন্তা বাঢ়িছে পৰিয়ালৰ।

আৰু কিমান দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থাকিব লাগিত ৪১ জন শ্ৰমিক?
ড্ৰাম্পাৰৰ খুন্দাত ভাগিল জিৰণি চ’ৰা : আহত ২জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in