/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f9a3a869-abef-4dee-9fb9-ee604886320e/up_23.jpg)
'চাকৰি নোপোৱা এনে ডিগ্ৰীৰ কি কাম?' BSc উত্তীৰ্ণই নথি-পত্ৰ জ্বলাই ল'লে চৰম পন্থা...
ডিজিটেল ডেস্কঃ সংস্থাপনহীনতাই হতাশগ্ৰস্ত কৰিছে দেশৰ লাখ লাখ যুৱকক। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবেও শাৰী পাতিছে হাজাৰ হাজাৰ উচ্চ শিক্ষিত যুৱকে। নিযুক্তিৰ পৰীক্ষাত প্ৰতি বাৰেই অৱতীৰ্ণ হৈ এই নিবনুৱা যুৱক-যুৱতীসকলে আশা কৰে এইবাৰ অন্ততঃ চাকৰি এটা হ'ব।
কিন্তু প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাই প্ৰায় প্ৰতিবাৰেই এই যুৱক-যুৱতীসকলক নিৰাশ কৰে। ফলশ্ৰুতিত হতাশাত ডুবি বিপথে পৰিচালিত হয় এওঁলোকে।
শেহতীয়াকৈ নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰা উত্তৰ প্ৰদেশত এজন যুৱকে আত্মহত্যা কৰা ঘটনাই এতিয়া পুনৰ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। যোৱা শনি আৰু দেওবাৰে ৰাজ্যখনত অনুষ্ঠিত হৈছিল আৰক্ষীত যোগদানৰ পৰীক্ষা।
কিন্তু পৰীক্ষাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ আহিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কনৌজৰ এগৰাকী মেধাৱী যুৱকে আত্মহত্যা কৰিছে।
আত্মহত্যাৰ পূৰ্বে যুৱকজনে লিখি থৈ গৈছে এটা টোকা। য'ত উল্লেখ আছে তেওঁৰ এই চূড়ান্ত সিদ্ধান্তৰ আঁৰৰ কাৰণ। তেওঁ লিখিছে থৈ গৈছে তেওঁ শিক্ষাগত অৰ্হতাৰ সকলো নথি-পত্ৰত অগ্নিসংযোগ কৰিছে।
ব্ৰীজেশ পাল নামৰ এই যুৱকজনে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা টোকাত তেওঁৰ এই সিদ্ধান্তৰ মূল কাৰণ সংস্থাপনহীনতা বুলি উল্লেখ কৰিছে। তেওঁ লিখিছে- মোৰ মা-দেউতা মোক ক্ষমা কৰি দিবা। মই আপোনালোকক প্ৰতাৰণা কৰিবলৈ গৈ আছোঁ। মোৰ মৃত্যুৰ পাছত কাকো অশান্তি নকৰিব। মোৰ মৃত্যুৰ বাবে মই নিজেই জগৰীয়া। মই আৰু এতিয়া জীয়াই থাকিব নিবিচাৰোঁ। মোৰ কোনো ধৰণৰ সমস্যা নাছিল। মোৰ মন ভৰি গৈছে আৰু আজি মই সকলোকে এৰি যাম, যদি সম্ভৱ হয় মোক ক্ষমা কৰিব।
তেওঁ আৰু লিখিছে- আজিৰ দিনটো মোৰ বাবে অন্তিম দিন। আজি মই মোৰ মাৰ লগত আহাৰ গ্ৰহণ কৰিলোঁ আৰু মই মোৰ মা-দেউতাক প্ৰতাৰণা কৰিবলৈ গৈ আছো।দেউতাৰ যত্ন ৰাখিবা আৰু কৈ দিবা মোৰ আৰু তোমালোকৰ মাজত ইমানেই সময় আছিল। সংগীতাৰ বিয়া ভালকৈ কৰাবা যদিও মই নাথাকো। মই বি এছ চিৰ সকলো কাগজ জ্বলাই দিছোঁ। চাকৰি নোপোৱা এনে ডিগ্ৰীৰ কি প্ৰয়োজন। মোৰ আধা জীৱন পঢ়ি পঢ়ি শেষ হৈ গ'ল, সেয়ে মোৰ মন ভৰি গ'ল।
এই ঘটনাই এতিয়া উত্তৰ প্ৰদেশতে নহয় সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ ৰাজনীতিও এই ঘটনাই উত্তেজিত কৰি তুলিছে। বিৰোধীয়ে শাসকীয় পক্ষক প্ৰশ্ন কাকত ফাদিলৰ ঘটনা ৰোধ কৰিব নোৱাৰা বিষয়টোক লৈ বিভিন্ন প্ৰশ্ন কৰিছে।
সেয়া যিয়েই নহওক সংস্থাপনৰ বাট বিচাৰি নাপায় এইদৰে এজন মেধাৱী যুৱকে আত্মহত্যা কৰিবলগীয়া হোৱা বিষয়টোৱে দেশৰ ভয়াৱহ নিবনুৱা সমস্যাৰ পুনৰ এবাৰ প্ৰমাণ কৰিছে।
ये एक बेहद दुखद ख़बर है कि बेरोज़गारी की त्रासदी से निराश होकर कन्नौज में एक युवा बृजेश पाल ने फांसी लगाकर जान दे दी और और ऐसा करने से पहले उसने अपनी सारी डिग्रियां जला डाली।
जीवन देना कोई समाधान नहीं होता, संघर्ष ही समाधान का रास्ता निकालता है। भाजपा सरकार में नौकरी की उम्मीद… pic.twitter.com/9FrHQrk3ec— Akhilesh Yadav (@yadavakhilesh) February 23, 2024
Also Read: ৪ ৰাজ্যৰ আসন বুজাবুজি চূড়ান্তঃ কি ভুল কৰিছে বিৰোধীয়ে?