সুখবৰঃ "লাচিত, দ্যা ৱাৰিয়াৰ"লৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ বঁটা

সুখবৰঃ "লাচিত, দ্যা ৱাৰিয়াৰ"লৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ বঁটা

ডিজিটেল ডেস্কঃ অসমবাসীলৈ আন এক সুখবৰ। সপ্তম চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত চুটিছবি "লাচিত, দ্য ৱাৰিয়াৰ"য়ে। পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মিনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত প্ৰকাশ পোৱা এই চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰীয়ে। ছবিখনে লাভ কৰা এই শ্ৰেষ্ঠত্বৰ খিতাপৰ বাবে এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই সপ্তম চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই বৰ্ষত মহোৎসৱটিত ভাৰত, টাইৱান, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউকে, ভিয়েটনাম, ইজিপ্ত, অষ্ট্ৰেলিয়া, ইৰাণ, স্পেইন, পৰ্তুগাল, ছাৰ্বিয়া আৰু তুৰ্কীকে ধৰি ৩২খন দেশৰ বিভিন্ন শ্ৰেণীৰ ১৮৪খন চলচ্চিত্ৰই আনুষ্ঠানিক প্ৰৱেশ লাভ কৰিছিল।

সুখবৰঃ "লাচিত, দ্যা ৱাৰিয়াৰ"লৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ বঁটা
প্ৰযুক্তিৰ জগতত অসমীয়া যুৱকৰ সাফল্যঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ভাস্কৰ ডেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in