কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব অমৃতপাল সিঙে...

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব খালীস্তানী নেতা অমৃতপাল সিঙে

author-image
Asomiya Pratidin
New Update
কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব অমৃতপাল সিঙে...

কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব অমৃতপাল সিঙে...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ কাৰাগাৰত থকা ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অসমত কাৰাবন্দী হৈ আছে উগ্ৰ শিখ প্ৰচাৰক অমৃতপল সিং।

Advertisment

উল্লেখযোগ্য যে ১ জুনত অনুষ্ঠিত হ’বলগীয়া সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অমৃতপাল সিঙে ৷ পঞ্জাৱৰ খাদূৰ চাহিবৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি তেওঁৰ অধিবক্তা ৰাজদেৱ সিং খালছাই জানিবলৈ দিছে ৷

Also Read: ধনশিৰিত ট্রেক্টৰ বাগৰি পৰি এটি শিশু নিহত...

loksabha election #amritpalsingh