শেহতীয়া গুজৰাট নিৰ্বাচনে প্ৰমাণ কৰিলে যে ২০২৪টো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হ'ব : অমিত শ্বাহ

শেহতীয়া গুজৰাট নিৰ্বাচনে প্ৰমাণ কৰিলে যে ২০২৪টো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হ'ব : অমিত শ্বাহ

ডিজিটেল ডেস্ক : ৰবিবাৰে অনুষ্ঠিত এক জনসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিয়ে ২০২৪ বৰ্ষৰ নিৰ্বাচনী ফলাফলৰ কিছু আভাস । মন্ত্ৰী গৰাকীৰ মন্তব্য অনুসৰি, শেহতীয়া গুজৰাট নিৰ্বাচনে কেৱল ৰাজ্যখনৰ বাবেই নহয় বৰং সম্পূৰ্ণ দেশখনৰ বাবেই কিছু বাৰ্তা প্ৰেৰণ কৰিছিল । এই বাৰ্তা অনুসৰি, ২০২৪ চনতো দেশৰ প্ৰধান মন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীকেই প্ৰত্যক্ষ কৰাটো খাটাং । তেনেস্থলত কেৱল নৰেন্দ্ৰ মোডীয়েই নহয় বৰং ভাৰতীয় জনতা পাৰ্টীৰেই জয় নিশ্চিত । কেন্দ্ৰত দেখা যাব একেটা দলৰেই চৰকাৰ । এইয়া হয়তো কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ নিজ দলৰ ওপৰত থকা আস্থা অথবা ২০২৪ বৰ্ষলৈ সচাকৈয়ে দলে প্ৰস্তুতি চলাইছে নিৰ্বাচনত জয় লাভ কৰিবলৈ ।

আনহাতে, একেখন সভাতে মন্ত্ৰী গৰাকীয়ে আম আদমি পাৰ্টী সন্দৰ্ভত ভাষ্য দিয়ে যে, বিগত গুজৰাট নিৰ্বাচনত দলটিয়ে কংগ্ৰেছৰ ভোট বিভাজন কৰি ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যক্ষভাৱেই সহায় কৰিলে । যাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰেই গুজৰাটত বিজয় লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে ।                                                                                                                     

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in