ভগ্নীহাৰা হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ শোক প্ৰকাশ

গুজৰাটত অংশগ্ৰহণ কৰিব লগা সকলো অনুষ্ঠান বাতিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ

author-image
Asomiya Pratidin
New Update
ভগ্নীহাৰা হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক : ভগ্নীহাৰা হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে মুম্বাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অমিত শ্বাহৰ জ্যেষ্ঠ ভগ্নী ৰাজেশ্বৰীবেন শ্বাহে।

Advertisment

জ্যেষ্ঠ ভগ্নীৰ বিয়োগত ম্ৰিয়মান অমিত শ্বাহে গুজৰাটত কৰিব লগা সকলো অনুষ্ঠান বাতিল কৰে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভগ্নী ৰাজেশ্বৰীবেন শ্বাহ বিগত কিছুদিন ধৰি স্বাস্থ্যজনিত কাৰণ অসুস্থ হৈ আছিল।

সেয়ে তেওঁক কেইদিনমান পূৰ্বে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬২ বছৰ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ দেওবাৰৰ পৰা বিজেপি সমৰ্থকৰ সৈতে মকৰ সংক্ৰান্তি উদযাপন কৰিবলৈ আহমেদাবাদত উপস্থিত আছিল। সোমবাৰে মন্ত্ৰীগৰাকী আৰু দুটা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও উক্ত ঘটনাৰ পিচতে সকলো কাৰ্যসূচী বাতিল কৰা বুলি চৰকাৰী সূত্ৰই জনায়।

ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভগ্নীৰ মৃত্য়ুৰ খবৰ লাভ কৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো জনাইছে গভীৰ সমবেদনা। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

Also Read: আজি পহিলা মাঘ : মঠ-মন্দিৰে ভিৰ কৰিব ভক্তই

union minister amit shah gujrat himanta biswa sarma