আজি পহিলা মাঘ : মঠ-মন্দিৰে ভিৰ কৰিব ভক্তই

নলবাৰী জিলাৰ বাৰঘৰীয়া গোপাল থানাত দোমাহীৰ দিনাই সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱা পৰিলক্ষিত হয়

author-image
Asomiya Pratidin
New Update
আজি পহিলা মাঘ : মঠ-মন্দিৰে ভিৰ কৰিব ভক্তই

ডিজিটেল ডেস্ক : আজি পহিলা মাঘ। আজিৰ এই পবিত্ৰ দিনটোত ৰাজ্যৰ মঠ-মন্দিৰসমূহত ভিৰ কৰিব ভক্তই। অসমৰ বিভিন্ন প্ৰান্তৰ উপসনাস্থলীসমূহত সেৱা আগবঢ়াব ভক্তই।

Advertisment

পঞ্চতীৰ্থ হাজো, দৌল গোবিন্দ, ঠেথা গোসাঁই থান, কলীয়া গোসাই থান, মা কল্যাণী থান, বাৰঘৰীয়া বাৰগোপাল থান আদি প্ৰসিদ্ধ মঠ-মন্দিৰত শৰাই-নৈবদ্য অৰ্পণ কৰি ভক্তই জনাব প্ৰাৰ্থনা। প্ৰতি বছৰৰ দৰে এইবছৰো এইসমূহ স্থানত উদ্যোক্তাসকলে সজাই-পৰাই তুলিছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বাৰঘৰীয়া গোপাল থানাত দোমাহীৰ দিনাই সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱা পৰিলক্ষিত হয়।

অৱশ্যে মাঘ বিহু উপলক্ষে কোনো কোনো ঠাইত ভোগালী মেলাৰো আয়োজন কৰা হয়। উৰুকাৰ পিছদিনা নাইবা পহিলা মাঘৰ দিনাই আৰম্ভ হয় ভোগালী মেলা তথা বিভিন্ন সভা।

আনহাতে মাঘ মাহৰ পূৰ্ণিমা তিথিৰ দিনা আয়োজন কৰিব মাঘী পূৰ্ণিমা সভা। মাঘ মাহ বুলিলে অসমীয়াৰ ব্যস্ততাৰ সীমা নাইকিয়া এটি মাহ। ভোগৰ পৰা আদি কৰি বিবিধ সম্ভাৰৰ মেলা।

Also Read: মাৰণাস্ত্রসহ ৫জন এন এল এফ টি কেডাৰৰ আত্মসমৰ্পণ

magh bihu mandir bhogali bihu Devotees