অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

AMIT SHAH
AMIT SHAH

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুটাকৈ অনুষ্ঠানত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব আৰু বিয়লি ৩ বজাত খানাপাৰৰ এক অনুষ্ঠানত অংশ ল'ব শ্বাহে।

খানাপাৰৰ পশু চিকিৎসালয় মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া নিযুক্তি সমাৰোহত অংশ ল'ব শ্বাহে। তেওঁৰ উপস্থিতিতেই ৪৪ হাজাৰ ৪৪ হাজাৰ ৭০৩ গৰাকী যুৱক-যুৱতীক নিযুক্ত পত্ৰ প্ৰদান কৰিব চৰকাৰে।

শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ প্ৰশাসনে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা। মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত এই নিষেধজ্ঞা আৰোপ কৰা হৈছে।

আনহাতে পাঞ্জাবাৰী ৰ'ড, জি এচ ৰ'ড, বি বৰুৱা ৰ'ড, জি এন বি ৰ'ড, এটি ৰ'ড আৰু ডিজি ৰ'ডত পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনিচকীয়া বাণিজ্যিক বাহন চলাচলত বাধা মহানগৰ যান-বাহন আৰক্ষীৰ। উল্লেখ্য যে, ইয়াৰ সমান্তৰালভাবে মহানগৰীত ন' ড্ৰোণ ফ্লাই জ'ন হিচাপেও ঘোষণা কৰা হৈছে।

AMIT SHAH
চিলাপথাৰ-পুকীয়া পথত ভংয়কৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in