/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b2dfaaa3-5ec7-4ab0-8c26-85f4159b8d95/amit_shah.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে আৰুণাচল প্ৰদেশৰ কিবিথুত উপস্থিত হৈ চীনক ভাবুকি প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভাইব্ৰেণ্ট ভিলেজত এক জনসভা সম্বোধন কৰি শ্বাহে কয় যে,এতিয়া আৰু ভাৰতৰ ভূমি দখল কৰাৰ সময় নাই। আমি সেনাৰ শক্তিৰ পৰা সুৰক্ষিত। বেজীৰ আগটোৰ দৰে মাটিও আমাৰ পৰা কোনোৱে ল'ব নোৱাৰে।
শ্বাহে কয় যে, ভাৰত-তিব্বত সীমান্ত নিৰাপত্তাৰক্ষীয়ে দিনে-নিশাই কাম কৰি আছে যাৰ বাবে দেশৰ প্ৰতিগৰাকী লোকে শান্তিৰে থাকিব পাৰিছে। আমি আজি অতি গৌৰৱেৰে কব পাৰো যে আমাৰ ওপৰত বেয়া চকু দিয়াৰ সাহস কাৰোৱেই নাই।
শ্বাহে কয় যে,২০১৪ চনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলক অশান্ত অঞ্চল হিচাপে জনা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰীৰ 'লুক ইষ্ট' নীতিৰ বাবে উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশত অৰিহনা থকা দেশ হিচাপে জনা যায়।
১৯৬২ চনৰ যুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া কিবিথুৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বাহে কয় যে ইয়াৰ লোকসকলে অদম্য সাহসেৰে যুঁজিছিল। তেওঁ কয় যে অৰুণাচল প্ৰদেশত কোনেও 'নমস্তে' নকয় কিয়নো মানুহে ইজনে সিজনক 'জয় হিন্দ'ৰে সম্ভাষণ জনায়। ইয়ে দেশপ্ৰেমৰ অন্য এক নিদৰ্শন দাঙি ধৰে।
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপস্থিত হৈছে শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ উপস্থিতৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে। শ্বাহৰ এই ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে চীনে।
Also Read: অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰঃ ক'লে,এয়া সাৰ্বভৌমত্বৰ উলংঘন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us