অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰঃ ক'লে,এয়া সাৰ্বভৌমত্বৰ উলংঘন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে উপস্থিত হয় অৰুণাচল প্ৰদেশত। শ্বাহৰ এই অৰুণাচল ভ্ৰমণত আপত্তি জনাইছে চীনে।
AMIT SHAH
AMIT SHAH

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে উপস্থিত হয় অৰুণাচল প্ৰদেশত। শ্বাহৰ এই অৰুণাচল ভ্ৰমণত আপত্তি জনাইছে চীনে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে অমিত শ্বাহৰ ভ্ৰমণ আঞ্চলটোৰ সাৰ্বভৌমত্বৰ উলংঘন। লগতে এয়াও কৈছে যে অমিত শ্বাহৰ এই ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে চীনে।

উল্লেখ্য যে, শ্বাহ অৰুণাচলৰ কিবিথু গাঁৱত উপস্থিত হৈছে। এই গাঁওখন ভাৰত-চীন সীমান্তত অৱস্থিত।

চীনে যোৱা সপ্তাহত পূৱ অৰুণাচল প্ৰদেশৰ ১১ খন ঠাইৰ নাম সলনি কৰিছিল। চীনে দাবী কৰিছিল যে তেওঁলোকে দক্ষিণ তিব্বতত কিছুমান ভৌগোলিক নাম সলনি কৰিছে। ইয়াৰ বিৰোধিতা কৰিছিল ভাৰতে।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কৈছিল যে চীনে ইয়াৰ পূৰ্বেও এনে প্ৰয়াস কৰিছিল। কিন্তু ইয়াক আমি প্ৰত্যাখ্যান কৰিছো। অৰুণাচল ভাৰতৰ অংগ আছিল, আছে আৰু সদায় হৈ থাকিব।

AMIT SHAH
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ প্ৰয়াত প্ৰদীপ শইকীয়াৰ স্মৃতিচাৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in