ইণ্ডিয়া'ই যিমানেই দল একত্ৰিত নকৰক কিয়, প্ৰধানমন্ত্ৰী মোডীয়েই হ'বঃ অমিত শ্বাহ

ইণ্ডিয়া'ই যিমানেই দল একত্ৰিত নকৰক কিয়, প্ৰধানমন্ত্ৰী মোডীয়েই হ'বঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ গণতন্ত্ৰৰ বিষয়ে কথা কোৱাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই- এই মন্তব্য অমিত শ্বাহৰ। দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা 'লোকতন্ত্ৰ বচাও' কাৰ্যসূচীৰ বিৰোধিতা কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে, গণতন্ত্ৰৰ বিষয়ে কথা কোৱাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই। কিয়নো তেওঁৰ আইতাক আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাত লাখ লাখ জনতাক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। কেৱল ইমানেই নহয়, ৰাজনৈতিক দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

ইণ্ডিয়া এলায়েন্সৰ ওপৰত কটাক্ষ কৰি শ্বাহে কয় যে, তেওঁলোকে গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কয়। ৰাহুল বাবা আপোনাৰ আইতাই জৰুৰীকালীন অৱস্থাত লাখ লাখ জনতাক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। ৰাজনৈতিক দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আপোনালোকৰ গণতন্ত্ৰৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই।

'ইণ্ডিয়া' মিত্ৰতাক সমালোচনা কৰি তেওঁ কয়, মানুহে সিদ্ধান্ত ল'বলৈ গৈ আছে কাক ভোট দিব। তেওঁলোকে কৈছে তেওঁলোকৰ নেতাসকল জেললৈ গৈছে। আৰে, ১২ লাখ কোটি টকাৰ কেলেংকাৰী কৰিলে জেললৈয়ে যাবই।

শ্বাহে কয়, এওলোকে চৰকাৰ গঠন কৰাৰ আশা কৰিছে। তেওঁলোকে যিমানেই দল একগোট নকৰক কিয় মোডীয়ে কিন্তু শাসনলৈ আহিব। কিয়নো আমি দেশৰ বিকাশৰ বাবে বহু কাম কৰিছো।

শ্বাহে কয়, মোডীক তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰক, ভাৰত বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থা হিচাপে চিহ্নিত হ'ব। আমি ডেৰ শ বছৰীয়া ব্ৰিটিছৰ আইন সলনি কৰিছো। এশ বছৰ পুৰণি সাংসদ সলনি কৰিলো। গতিকে মোডী শাসনত আহিলে আৰু বিকাশ হ'ব ভাৰতৰ।

শেষত শ্বাহে কয় যে, বিজেপিৰ হৈ জনতাৰ ভোটৰ সংখ্যা বৃদ্ধি পাইছে। এইবাৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৪০০ পাৰ কৰাৰ লক্ষ্য ৰাখিছে এনডিএ।

ইণ্ডিয়া'ই যিমানেই দল একত্ৰিত নকৰক কিয়, প্ৰধানমন্ত্ৰী মোডীয়েই হ'বঃ অমিত শ্বাহ
গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলেই বিজেপি যোগদান কৰি আছে আৰু কৰিব: পিযুষ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in