গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলেই বিজেপি যোগদান কৰি আছে আৰু কৰিব: পিযুষ হাজৰিকা

গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলেই বিজেপি যোগদান কৰি আছে আৰু কৰিব: পিযুষ হাজৰিকা

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ইখনৰ পাচত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা । জনতাৰ সঁহাৰি ,প্ৰতিখন সভাতেই জনতাৰ ভিৰ পৰিলক্ষিত হৈছে।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ সোমবাৰে বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা । নাজিৰাৰ পৰা আহি হালোৱাটিঙৰ বৰুৱা আলি, হালোৱাটিং বজাৰ আৰু আমগুৰিৰ বৰবাম চাহ বাগিছাত মুঠ তিনি খনকৈ সভাত উপস্থিত থাকে পিয়ুষ হাজৰিকা ।

প্ৰতিকূল বতৰৰ মাজতে ভোটাৰৰ বহুল উপস্থিতিত প্ৰতিশ্ৰুতিৰ মালিতা পৰিলক্ষিত হ’ল যোৰহাট লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰকজনৰ ভাষণত । তেওঁ কয়, অসমত কোনো বিৰোধী ঐক্য নাই । শিৱসাগৰ সমষ্টিত বিজেপিয়ে লীড ল’ব। গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলেই বিজেপি যোগদান কৰি আছে আৰু কৰিব । কংগ্ৰেছে কাৰো লগত সমন্বয় নাৰাখে । বিৰোধীৰ কোনো ঐক্যমঞ্চ নাই ।সাংবাদিকৰ সতে হোৱা সাক্ষাতত এনেদৰেই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰিকাই।

গৌৰৱ গগৈৰ লগত প্ৰচাৰ কৰা সকলেই বিজেপি যোগদান কৰি আছে আৰু কৰিব: পিযুষ হাজৰিকা
গহপুৰৰ মেধাৱী ছাত্র অগ্নিভ বৰাৰ সাফল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in