/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d32934ba-ce2d-4d0e-994f-286c48c63e73/amit.jpg)
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে ''কোনেও আমাক "বিকৃত" ইতিহাস পুনৰ লিখত বাধা দিব নোৱাৰে। বুৰঞ্জীবিদ আৰু শিক্ষাৰ্থীসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ১৫০ বছৰতকৈও অধিক সময় শাসন কৰা ৩০ সাম্ৰাজ্য আৰু দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰা ৩০০ তকৈও অধিক ব্যক্তিত্বৰ ওপৰত গৱেষণা কৰি প্ৰকৃত ইতিহাস লিখিব লাগে''।
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দিল্লীত আয়োজন হোৱা অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
লগতে কয় যে লাচিত বৰফুকন নহলে উত্তৰ পূৱ কেতিয়াও ভাৰতৰ অংশ নহ'লহেতেন। কিয়নো তেওঁ কেৱল অসমকেই নহয় সমগ্ৰ দক্ষিণ এছিয়াক ধৰ্মান্ধ আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল।
শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয় যে লাচিত বৰফুকনৰ বিষয়ে হিন্দীৰ লগতে অন্য ১০ টা ভাষালৈ অনুবাদ কৰিব লাগে। কিয়নো এই মহান বীৰ গৰাকীৰ বলিদান তথা সাহস সকলেও জানিব লাগে।
ইতিহাস সন্দৰ্ভত শ্বাহে কয় যে, মোক বহুতে অভিযোগ দিয়ে যে ইতিহাস বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। যদি এনে হয় তাক শুদ্ধ কৰাত কোনো বাধা দিছে? সঁচা ইতিহাস লিখাৰ বাবে আমাক কোনোৱে ৰখাব নোৱাৰে। ই এক নতুন আৰু শুদ্ধ ইতিহাস উলিয়াই আনিব আৰু অসত্য স্বয়ং ক্ৰিয়ভাৱে ইতিহাসৰ পৰা পৃথক কৰিব।
শ্বাহে কয় যে যিখন দেশৰ লোকৰ ইতিহাসত গৌৰৱ নাই তেওঁলোকে কেতিয়াও সোণালী ভৱিষ্যত গঢ়িব নোৱাৰে।
লাচিত বৰফুকনৰ বীৰত্বৰ কথা উল্লেখ কৰি শ্বাহে কয় যে যি সময়ত শিৱাজী মহাৰাজে দক্ষিণৰ স্বৰাজ, উত্তৰৰ দশম গুৰু, গুৰু গোবিন্দ সিং আৰু পশ্চিমে ৰাজস্থানৰ বীৰ দুৰ্গাদাস ৰাঠৌৰত যুদ্ধ কৰি আছিল, একে সময়তে লাচিত বৰফুকনেও পূবৰ মোগল সৈন্যক পৰাস্ত কৰিবলৈ যুঁজ দি আছিল।
উল্লেখ্য যে, দিল্লীত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে লাচিত বৰফুকনৰ জন্মজয়ন্তী। এই অনুষ্ঠানতে বৃহস্পতিবাৰে উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আৰু পঢ়়ক: বিজেপিয়ে কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে: মনিষ চিছোদিয়া