বিজেপিয়ে কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে: মনিষ চিছোদিয়া

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
আজি আদালতত হাজিৰ কৰোৱা হ'ব মনিষ ছি'চদিয়াক...

ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে বিজেপিয়ে গুজৰাট আৰু এমচিডি (দিল্লী) নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । দিল্লীৰ সাংসদ মনোজ তিৱাৰী ইয়াত জড়িত হৈ আছে বুলি অভিযোগ তোলে মনীষ চিছোদিয়াই।

Advertisment

লগতে কয় যে আম আদমী পাৰ্টীয়ে এনে ক্ষুদ্ৰ ৰাজনীতিক ভয় নকৰে। জানিব পৰা মতে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. চাক্সেনাই আৰক্ষী আয়ুক্তক অভিযোগ বোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ৰাজ্যপাল গৰাকীয়ে মনীষ চিছোদিয়াৰ লগতে আপৰ আন নেতা সকলৰ টুইটাৰ একাউন্ট আৰু মন্তব্য ওপৰৰ গুৰুত্ব প্ৰদান কৰিছে। লগতে আৰক্ষী আয়ুক্তক এয়া নিশ্চিত কৰিব দিছে যে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়।

উল্লেখ্য যে,দিল্লী আৰু গুজৰাটত বলিছে এতিয়া নিৰ্বাচনী বতাহ। আপে গুজৰাটত এইবাৰ খোপনি পুতিবলৈ যথেষ্ঠ চেষ্টা কৰিছে। আপৰ মনতে বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে দলটো।

আৰু পঢ়ক: নিচাসক্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক...

arvind kejriwal gujarat aap bjp