লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সমগ্ৰ দেশত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন। শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা ঘোষণা কৰি কয়, লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী সন্দৰ্ভত জাননী জাৰি কৰা হ'ব।

উল্লেখ্য যে, ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত দেশজুৰি সৃষ্টি হোৱা ব্যাপক আন্দোলন, প্ৰতিবাদৰ মাজতে গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। এই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফাগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব।

স্মৰ্তব্য যে, নাগৰিকত্ব সংশোধনী আইন গৃহীত হ'লেও এই পৰ্যন্ত এই আইনৰ কোনো ধাৰা তৈয়াৰ কৰা হোৱা নাই। অৱশ্যে জানুৱাৰী মাহত এই আইনৰ ধাৰা তৈয়াৰ কৰাৰ বাবে সপ্তমবাৰৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল সংসদীয় সচিবালয়ে।

জানিব পৰা মতে এই আইনৰ ধাৰাসমূহ তৈয়াৰ সম্পূৰ্ণ হৈছে। ইফালে আন এক চৰ্চা অনুসৰি লোকসভা নিৰ্বাচনত হিন্দু ধৰ্মীয় ভোটাৰৰ মন জয় কৰিবলৈ শাসকীয় চৰকাৰে নিৰ্বাচনৰ ঠিক আগে আগে এই আইন কাৰ্যকৰীকৰণৰ জাননী জাৰি কৰিব।

ইতিমধ্যে হিন্দুত্ববাদী সংগঠন তথা নেতাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসন্তুস্তি বৃদ্ধি পাইছে। ২০১৯ ত চৰকাৰ গঠন কৰিয়েই এই আইন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিলেই আইনখন গৃহীত হোৱাৰ পাছত তাৎক্ষণিক কাৰ্যকৰীকৰণৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোক ক্ষোভিত হৈ পৰিছে।

সেয়ে এতিয়া এই আইন কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব দিছে। আনহাতে ৰাম মন্দিৰক কেন্দ্ৰ কৰি যিদৰে ধৰ্মীয় আৱেগৰ এক পৰিৱেশ দেশত নিৰ্বাচনৰ সময়লৈকে বজাই ৰাখিব পাৰিব বুলি বিজেপিয়ে যি কৌশলগত সিদ্ধান্ত লৈছিল সেই কৌশলে বৰ বিশেষ কামত দিয়া নাই।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি সৃষ্টি হোৱা উৎসাহৰ পৰিৱেশ ক্ৰমান্বয়ে সাধাৰণ হৈ আহিছে। সেয়েহে এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ হাতত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ জাননী জাৰি কৰি পুনৰ এক হিন্দু ধৰ্মীয় আৱেগ সৃষ্টি কৰাৰ বাহিৰে বেলেগ পথ নাই।

এনে পৰিস্থিতিতে শনিবাৰে দিল্লীৰ এখন আলোচনা সভাত অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ বাবে শীঘ্ৰেই জাননী জাৰি কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয়, নাগৰিকত্ব সংশোধনী আইন দেশৰ এখন আইন। সেয়া অৱশ্যেই কাৰ্যকৰী কৰা হ'ব। এই বিষয়ে কোনো সংশয় থকা উচিত নহয়।

গৃহমন্ত্ৰী অমিত শ্বাহৰ এনে ঘোষণাৰ পাছত এতিয়া এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সংগঠন, দল, নেতা বোৰৰ ভূমিকা কি হয় সেয়া হ'ব লক্ষ্যণীয়। বিশেষকৈ অসম, ত্ৰিপুৰা, পশ্চিমবংগ আদি ৰাজ্যত এই আইন বিৰোধীসকলে কি সিদ্ধান্ত লয় সেয়া মন কৰিবলগীয়া হ'ব।

পশ্চিমবংগৰ দৰে বিৰোধী শাসিত ৰাজ্যত যে ইয়াৰ বিৰোধিতা পুনৰ হ'ব সেয়া নিশ্চিত বুলি জানিব পৰা গৈছে। সেয়ে সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই আইনৰ ধাৰা সমূহত ৰাজ্য চৰকাৰৰ ভূমিকা সীমিত কৰা হৈছে বুলিও জানিব পৰা গৈছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব CAA: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
আজিও মেৰামতি নহ'ল দুবছৰ পুৰ্বে খহনীয়াত জাহ যোৱা ৰহা সমষ্টিৰ চকীয়াল গাঁৱৰ পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in