নতুন আইন কাৰ্যকৰী হ'লে যিকোনো গোচৰ ২ বছৰৰ ভিতৰত সমাধান হ'বঃ অমিত শ্বাহ

ভাৰতে নিজৰ অভিন্ন আইন সংহিতা গ্ৰহণ কৰাৰ পিছত আৰু "ঔপনিৱেশিক" উত্তৰাধিকাৰ প্ৰত্যাখ্যান কৰাৰ পিছত যি কোনো গোচৰ দুবছৰতকৈ বেছি সময় পৰি নাথাকিব।

author-image
Asomiya Pratidin
New Update
নতুন আইন কাৰ্যকৰী হ'লে যিকোনো গোচৰ ২ বছৰৰ ভিতৰত সমাধান হ'বঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, ভাৰতে নিজৰ অভিন্ন আইন সংহিতা গ্ৰহণ কৰাৰ পিছত আৰু "ঔপনিৱেশিক" উত্তৰাধিকাৰ প্ৰত্যাখ্যান কৰাৰ পিছত যি কোনো গোচৰ দুবছৰতকৈ বেছি সময় পৰি নাথাকিব। দিল্লীৰ গান্ধীনগৰত ২৬ তম পশ্চিম আঞ্চলিক পৰিষদৰ বৈঠকত সভাপতিত্ব কৰি শ্বাহে এই মন্তব্য কৰে।

Advertisment

মোডী চৰকাৰে শেহতীয়াকৈ সংসদত উত্থাপন কৰা ৩খন নতুন বিধেয়ক গৃহীত হোৱাৰ পিছত ২ বছৰতকৈ অধিক সময় ধৰি কোনো গোচৰ পৰি নাথাকে। ভাৰতীয় ন্যায় সংহিতা বিধেয়ক ২০২৩, ভাৰতীয় অসামৰিক প্ৰতিৰক্ষা সংহিতা বিধেয়ক ২০২৩ আৰু ভাৰতীয় প্ৰমাণ বিধেয়ক ২০২৩ কাৰ্যকাৰী হ'লে যিকোনো গোচৰ ২বছৰৰ ভিতৰত সমাধান হ'ব। যাৰফলত ৭০ শতাংশ ঋণাত্মক শক্তি নাইকীয়া হৈ যাব বুলি তেওঁ কয়।

তেওঁ কয় যে, সকলো ৰাজ্যই এই আইনসমূহ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সামৰ্থ্য সৃষ্টিৰ দিশত কাম কৰা উচিত।

আজিৰ এই বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। তেওঁলোকে কয় যে, বৈঠকত এইটো বৰ্ণনা কৰা হৈছে নতুন আইনসমূহ কাৰ্যকৰী হোৱাৰ পিছত সমগ্ৰ দেশতে আইন-শৃংখলা ব্যৱস্থাপনাৰ নতুন দিশ সূচনা হ'ব।

Also Read: পুনৰবাৰ বিজেপি শাসনলৈ আহিলে দেশত ঘৃণা বিয়পাই পেলাবঃ মমতা বেনাৰ্জী

amit shah