'দেশদ্ৰোহী' আইন বাতিল! ভাৰতীয় আইনত সাল-সলনি কৰিবলৈ লোকসভাত ৩ বিধেয়ক...

'দেশদ্ৰোহী' আইন বাতিল! ভাৰতীয় আইনত সাল-সলনি কৰিবলৈ লোকসভাত ৩ বিধেয়ক...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰে। সদনত তিনিখন বিধেয়ক উপস্থাপন কৰাৰ সময়ত অমিত শ্বাহে কয় যে ব্ৰিটিছ যুগৰ ফৌজদাৰী আইন সলনি কৰা হ'ব, ১৮৬০ চনৰ আইপিচি সলনি কৰা হ'ব।ইয়াক ভাৰতীয় দণ্ডবিধিৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হ'ব।

ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ স্থান ল'ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহতিয়ে। সশস্ত্ৰ বিদ্ৰোহ, দেশ অনিষ্ট কৰা আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত লিপ্ত হোৱা, ভাৰতৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ দৰে অপৰাধ যোগ কৰা হৈছে।

শ্বাহে কয় যে, 'দেশদ্ৰোহ' আইন বাতিল কৰা হ'ব আৰু ইয়াৰ ঠাইত ১৫০ ধাৰা গ্ৰহণ কৰা হ'ব। য'ত দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অপৰাধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

গণ প্ৰহাৰক লৈ তৈয়াৰ হ'ব নতুন আইন। কেন্দ্ৰই গণ প্ৰহাৰৰ দোষীৰ মৃত্যুদণ্ডৰ ব্যৱস্থাও ৰাখিব।ঠিক তেনেদৰে কিশোৰী ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা থাকিব।

ইংৰাজে নিজৰ শাসনকালত  ৰাজদ্ৰোহ আইন তৈয়াৰ কৰিছিল।এই চৰকাৰে নিৰ্ণয় লৈছে যে ৰাজদ্ৰোহ আইন ভংগ কৰা হ'ব। কিয়নো ভাৰতত গণতন্ত্ৰ আছে।গতিকে সকলোৰে কথা কোৱাৰ অধিকাৰ আছে।

শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধত দোষীৰ শাস্তিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। দেশৰ যিকোনে প্ৰান্তৰ পৰাই এজাহাৰ দাখিল কৰিব পাৰিব। চিলনী চোৰৰ বাবেও শাস্তিৰ ব্যৱস্থা কৰা হ'ব।

যিবোৰ ধাৰাত ৭ বছৰতকৈ অধিক শাস্তি আছে, সেই ঘটনাস্থলী পৰিদৰ্শন কৰিব ফৰেঞ্চিক দলে। ২০২৭ চনৰ ভিতৰত দেশৰ সকলো আদালত কম্পিউটাৰইজ কৰা হ'ব।

যদি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় তেন্তে শীঘ্ৰেই তেওঁৰ পৰিয়ালক এই বিষয়ে অবগত কৰা হ'ব আৰু ইয়াৰ বাবে এগৰাকী আৰক্ষী বিষয়া নিযুক্তি দিয়া হ'ব। ৩ বছৰলৈকে দণ্ডনীয় ধাৰাবোৰৰ সাৰাংশ বিচাৰ হ'ব (ইয়াৰ ফলত শীঘ্ৰেই গোচৰটোৰ শুনানি আৰু ৰায় দিয়া হ'ব)। বিচাৰকজনে অভিযোগ গঠন কৰাৰ ৩০ দিনৰ ভিতৰত তেওঁৰ সিদ্ধান্ত দিব লাগিব।

সংগঠিত অপৰাধত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিব পৰা যাব কিন্তু সম্পূৰ্ণৰূপে অব্যাহতি দিয়াটো সহজ নহ'ব। ইয়াৰোপৰি ৩ বছৰৰ ভিতৰতে ন্যায় লাভ কৰিব।

উল্লেখ্য যে, এই ৩ খন বিধেয়কত আৰু বহু নিয়ম আছে। যদিহে এই বিধেয়ককেইখন গৃহীত হয় তেন্তে ভাৰতীয় আইনত বহু সাল-সলনি হ'ব।

'দেশদ্ৰোহী' আইন বাতিল! ভাৰতীয় আইনত সাল-সলনি কৰিবলৈ লোকসভাত ৩ বিধেয়ক...
২৫দিনে সন্ধানহীন এগৰাকী মহিলা, চিন্তিত পৰিয়াল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in