২৫দিনে সন্ধানহীন এগৰাকী মহিলা, চিন্তিত পৰিয়াল

জুলাই মাহৰ ১৫ তাৰিখে স্বামীৰ সৈতে কাৰ্বি পাহাৰলৈ গৈ সন্ধানহীন বেলবতী মুড়া নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী।

author-image
Asomiya Pratidin
New Update
২৫দিনে  সন্ধানহীন এগৰাকী মহিলা, চিন্তিত পৰিয়াল

ডিজিটেল সংবাদ, কাজিৰঙাঃ জুলাই মাহৰ ১৫ তাৰিখে স্বামীৰ সৈতে কাৰ্বি পাহাৰলৈ গৈ সন্ধানহীন বেলবতী মুড়া নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী। উল্লেখ্য যে কহঁৰা আৰক্ষীক জনোৱাৰ পাছত আৰক্ষী সেই স্থানত গৈ মহিলা গৰাকীক‌ বিচাৰে যদিও আজি ২৫ দিন উকলি যোৱাৰ পাছতো কোনো ধৰণৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে মহিলা গৰাকীৰ দুই পুত্ৰ স্বামীৰ লগতে গাঁওৱাসী ।

Advertisment

বৰ্তমান নেদেখা জনৰ ওচৰত গাওঁবাসীৰ প্ৰাৰ্থনা যাতে সুস্থ শৰীৰে মহিলা গৰাকী ঘৰলৈ উভতি আহে। আনহাতে মহিলা গৰাকীৰ কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে ৭০০২৪৯৩২০৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পুত্ৰৰ । তদুপৰি কহঁৰা আৰক্ষীক বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ আহ্বান পৰিয়ালৰ লোকসকলৰ ৷

Also Read: শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত মহিলা

kaziranga national pa