কেৱল নেহৰুৰ ভুলৰ বাবেই পাকিস্তানে দখল কৰি আছে কাশ্মীৰৰ অংশঃ অমিত শ্বাহ

লোকসভাত জম্মু-কাশ্মীৰৰ লগত সম্বন্ধিত বিধেয়ক জম্মু-কাশ্মীৰ সংৰক্ষণ সংশোধন বিধেয়ক-২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ গঠন সংশোধন বিধেয়ক ২০২৩ ৰ ওপৰত উত্তৰ দিয়ে।

author-image
Asomiya Pratidin
New Update
কেৱল নেহৰুৰ ভুলৰ বাবেই পাকিস্তানে দখল কৰি আছে কাশ্মীৰৰ অংশঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ ৪ তাৰিখৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত জম্মু-কাশ্মীৰৰ লগত সম্বন্ধিত বিধেয়ক জম্মু-কাশ্মীৰ সংৰক্ষণ সংশোধন বিধেয়ক-২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ গঠন সংশোধন বিধেয়ক ২০২৩ ৰ ওপৰত উত্তৰ দিয়ে।

Advertisment

এই সময়চোৱাত শ্বাহে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে। তেওঁ কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰ(পিঅকে) ৰ সমস্যা প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ বাবে হৈছে। সমগ্ৰ কাশ্মীৰ হাতলৈ অহাৰ পূৰ্বে যুদ্ধবিৰতি কৰিছিল। এনে নকৰাহেতেন আজি পিঅ'কে ভাৰতৰ অংশ হ'লহেতেন। নেহৰুৰ ভুলৰ বাবে পাকিস্তানে দখল কৰি থকা কাশ্মীৰ পিঅ'কে হ'ল।

শ্বাহে কয়, কংগ্ৰেছে কাশ্মীৰি পণ্ডিতসকলৰ বাবে একো কৰা নাছিল। কিন্তু মোডী চৰকাৰে সকলো প্ৰয়াসেই কৰিছে। এতিয়া মোডী চৰকাৰে জম্মু আৰু কাশ্মীৰৰ ওপৰত ৩৭০ অতিক্ৰম কৰিছে আৰু সোনকালেই ডাঙৰ কাম কৰিব।

তেওঁ কয়, যি বিধেয়ক মই লৈ আহিছো সেই বিধেয়ক জনতাৰ ন্যায় আৰু অধিকাৰ সম্পৰ্কীয়। যিসকলৰ বিৰুদ্ধে অন্যায় হৈছে, যাৰ অপমান হৈছে আৰু যাক উপেক্ষা কৰা হৈছে সেই সকলক আগলৈ আনিব লাগে।

জম্মু-কাশ্মীৰ পুনৰ গঠন বিধেয়কৰ উত্তৰ দি অমিত শ্বাহে জৱাহৰলাল নেহৰুৰ উদ্ধৃতি দিয়ে। গৃহমন্ত্ৰীয়ে কয়- "নেহৰুৱে শ্বেখ আব্দুল্লালৈ লিখিছিল যে কাশ্মীৰ সমস্যাটো ৰাষ্ট্ৰসংঘলৈ লৈ যোৱাটো এটা ভুল আছিল।" এই কথাত সংসদত কংগ্ৰেছ সাংসদ সকলে উভতি ধৰে শ্বাহক।

শ্বাহে কয়, বিধেয়কখনৰ লগত সন্মান জড়িত আছে। এয়া কেৱল সেই সকলেহে দেখা পাই যিয়ে পিছপৰি থকা সকলৰ আঙুলিত ধৰি সমবেদনাৰ সৈতে তেওঁলোকক আগুৱাই আনে। ভোটবেংকৰ ৰাজনীতি কৰা সকলে এই সকলোবোৰ কথা বুজি নাপায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এগৰাকী এনে নেতা যি দৰিদ্ৰ লোকৰ ঘৰত জন্ম হৈ আজি প্ৰধানমন্ত্ৰী হৈছে। তেওঁ পিছপৰা আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মৰ্মবেদনা বুজে। গতিকে তেওঁ সদায় এই লোকসকলৰ বাবে কাম কৰি আছে।

শ্বাহে কয়, "১৯৪৭, ১৯৬৫ আৰু ১৯৭১ চনত জম্মু-কাশ্মীৰৰ পৰা ৪১ হাজাৰ ৮৪৪ টা পৰিয়াল স্থানান্তৰিত হৈছিল। এই লোকসকলে এই বিধেয়কৰ পৰা অধিকাৰ লাভ কৰিব। জম্মু-কাশ্মীৰৰ লোকৰ সন্মান আৰু অধিকাৰৰ বাবে এই বিধেয়ক অনা হৈছে বুলি শ্বাহে কয়।

Also Read: পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ

loksabha jammu and kashmir amit shah