মোডীৰ পৰিকল্পনাত চেঁচা পানী ঢালিলে অমিত শ্বাহে

মোডীৰ পৰিকল্পনাত চেঁচা পানী ঢালিলে অমিত শ্বাহে
মোডীৰ পৰিকল্পনাত চেঁচা পানী ঢালিলে অমিত শ্বাহে

ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনত শাসনাধিস্থ বিজেপিয়ে কাক মুখ্যমন্ত্ৰীৰ মুখ হিচাপে প্ৰক্ষেপ কৰিব সেই বিষয়ে এতিয়াও সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। বিৰোধী কংগ্ৰেছক চেৰাই অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা আম আদমী পাৰ্টিয়ে অভিনৱ পদ্ধতিৰে মুখ্যমন্ত্ৰীৰ দাবীদাৰ হিচাপে ইচুদান গাধৱীক নিৰ্বাচিত কৰাৰ পিছতে বিপদত পৰিছে বিজেপি।

কিয়নো গুজৰাটৰ ৰাজ্যিক বিজেপি নেতাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মানি ল'বলৈ নাৰাজ। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিচাৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰ ৱাপচী।

অৰ্থাৎ গুজৰাট বিধানসভা নিৰ্বাচনত অমিত শ্বাহকেই মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছিল মোডীয়ে। কিন্তু প্ৰধানমন্ত্ৰীৰ আসনলৈ দৃষ্টি নিক্ষেপ কৰা অমিত শ্বাহ দিল্লী এৰি গুজৰাটলৈ যোৱাৰ বাবে প্ৰস্তুত নহয়।

কোনো কাৰণতে অমিত শ্বাহ নাযায় গুজৰাটলৈ। এনে পৰিস্থিতিত বিজেপিয়ে গুজৰাটত মুখ্যমন্ত্ৰী হিচাপে জনপ্ৰিয় এখন মুখ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ পূৰ্বেই অমিত শ্বাহে খেলিলে তেওঁৰ ৰাজনৈতিক পাশা খেল। অমিত শ্বাহে ঘোষণা কৰিলে গুজৰাটত কোন হ'ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ।

এক ব্যক্তিগত চেটেলাইট চেনেলত দিয়া সাক্ষাতকাৰত অমিত শ্বাহে কৈ দিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেই হ'ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ। অমিত শ্বাহৰ এই ঘোষণাই এতিয়া বিজেপিৰ ভিতৰচৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাই নহয়, দেশৰ ৰাজনীতিলৈ আগবঢ়াইছে এক বিশেষ ইংগিত।

কিয়নো ভূপেন্দ্ৰ পেটেল প্ৰধানমন্ত্ৰী মোডীৰ কিমান ঘনিষ্ট সেই কথা নকলেও হয়। বহুতৰ মতেই ভূপেন্দ্ৰ পেটেল কেৱল কাগজৰহে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী মোডীৰ হাততেই আছে।

মোডীয়ে বিচৰা মতেই সকলো হয় গুজৰাটত। এক কথাত ৰাবাৰ ষ্টাম্পৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। এনে পৰিস্থিতিত ভূপেন্দ্ৰ পেটেলৰ বিৰোধিতা কৰিলেও প্ৰধানমন্ত্ৰী মোডীৰ ৰোষত পৰাৰ ভয়।

আনহাতে অমিত শ্বাহেও ভূপেন্দ্ৰ পেটেলৰ নাম ঘোষণা কৰি নিজকে ঘৰ ৱাপচীৰ পৰা নিলগাই ৰাখিলে। অৱশ্যে ভূপেন্দ্ৰ পেটেলক লৈ যে গুজৰাট বিজেপি সন্তুষ্ট নহয় সেই কথা ইতিমধ্যে দিল্লীয়ে ভালকৈয়ে গম পাইছে। এতিয়া লক্ষ্যণীয় হ'ব গুজৰাটত বিজিপিৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in