/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e16f75e4-a95d-4e3c-a74c-26d5475f94b3/kejriwal_16.jpg)
অৰবিন্দ কেজৰিৱাল
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি কেলেংকাৰীত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বৰ্তমান তেওঁ ৭ দিনৰ বাবে ইডিৰ জিম্মাত আছে।
এই সমগ্ৰ ঘটনাত এইবাৰ মত প্ৰকাশ কৰিছে আমেৰিকাই। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে, আমি ভাৰত চৰকাৰক নিৰপেক্ষ, সময়সীমাবদ্ধ আৰু স্বচ্ছ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আহ্বান জনাইছো। লগতে কয় যে, এই বিষয়টোত তেওঁলোকে চকু দি আছে।
ইয়াৰ পূৰ্বে জাৰ্মানী চৰকাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ দিছিল ভাৰতে। জামানী দূতবাসক ডিপ্যুটী ছীফক তলব কৰিছিল ভাৰতে। জাৰ্মান চৰকাৰৰ এজন মুখপাত্ৰই শুকুৰবাৰে কৈছিল যে , তেওঁ আন যিকোনো ভাৰতীয় নাগৰিকৰ দৰে এক নিৰপেক্ষ বিচাৰৰ যোগ্য।
উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰীত আপৰ কেইবাগৰাকী বিষয়াত ইতিমধ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আপৰ সমৰ্থকসকলে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰি আছে। মঙলবাৰ আপে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত কেইবাজনকো আটক কৰে আৰক্ষীয়ে।
Also Read: IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us