Advertisment

IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা

IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা

author-image
Asomiya Pratidin
New Update
IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা

ডিজিটেল ডেস্কঃ জুৱাৰ নিচাই ধ্বংস কৰিলে আৰু এটা পৰিয়াল। স্বামীৰ ভুলৰ শাস্তি ভোগ কৰিবলগীয়া হ'ল পত্নীয়ে। এই ঘটনা বাংগালুৰুৰ।

Advertisment

দৰ্শন বাবু নামৰ লোকজন পেচাত এজন ইঞ্জিনিয়াৰ। দৰ্শনে ক্ৰিকেট মেছক লৈ জুৱা খেলে আৰু ২০২১ চনৰ পৰা তেওঁ আইপিএলক লৈ জুৱা খেলি আহিছে। তেওঁ জুৱাত হৰাৰ পাছত প্ৰায়ে টকা ধাৰলৈ লৈছিল। এনেকৈয়ে তেওঁৰ প্ৰায় ১ কোটি টকা ধাৰ হৈছিলগৈ।

ধাৰ লোৱা টকা সময়মতে উভতা পৰা নাছিল তেওঁ। যাৰ বাবে বিভিন্ন সময়ত তেওঁৰ পৰিয়াল সমস্যাৰ সন্মুখীন হৈছিল। ঋণদাতাসকলে কৰা নিৰ্যাতনত অতিষ্ঠ হৈ তেওঁৰ ২৩ বছৰীয়া পত্নী ৰঞ্জিতাই আত্মহত্যাৰ পথ বাছি লয়।

১৮ মাৰ্চত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰায় ১ কোটি টকাৰ ধাৰ মাৰিছিল দৰ্শনে। কিন্তু প্ৰায় ৮০ লাখ টকা ঋণ দাঁতাক ঘূৰাব পৰা নাছিল।

জানিব পৰা মতে ২০২০ চনত ৰঞ্জিতা আৰু দৰ্শনৰ বিয়া হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চুইচাইড নোটো উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাবত ৰাখিছে তদন্ত।

Also Read: তিনিটা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ষষ্ঠখন প্ৰাৰ্থী তালিকা

ipl