অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি ! গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান...

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি ! গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান...
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি ! গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰত আগন্তুক অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি আৰু সুৰক্ষাৰ দিশটো আলোচনা কৰিবলৈ আজি এক উচ্চ স্তৰীয় বৈঠক আহ্বান কৰিছে। অমৰনাথ যাত্ৰা ১ জুলাইৰ পৰা আৰম্ভ হ'ব আৰু ৩১ আগষ্টত সমাপ্ত হ'ব।

খবৰ অনুসৰি এইবাৰো এই যাত্ৰাৰ সময়ছোৱাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি আহিছে। সেয়েহে অমৰনাথলৈ আগমণ ঘটিবলগীয়া ৫ লাখ ভক্তৰ সুৰক্ষাৰ বিষয়টোক লৈ এই বৈঠকত আলোচনা কৰা হ'ব।

বিগত বছৰত অমৰনাথ যাত্ৰা কৰিছিল ৩ লাখ ৪৫ হাজাৰ লোকে। খবৰ অনুসৰি গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰ আৰু জম্মু-কাশ্মীৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অমৰনাথ যাত্ৰা সন্দৰ্ভত প্ৰস্তুতিৰ সকলো বুজ ল'ব।

আৰু এই যাত্ৰাৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি অমৰনাথ যাত্ৰাত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনে বাধা প্ৰদান কৰাৰ অপচেষ্টা কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে।

সন্ত্ৰাসবাদীৰ এই অপচেষ্টা ৰোধ কৰিবলৈ পৰ্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব। ইফালে বিগত বৰ্ষত প্ৰচুৰ পৰিমাণে বৰষুণ অহাৰ ফলত ১৬ জনকৈ যাত্ৰী বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছিল।

এইবাৰ যাতে তেনে পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো সাজু কৰি ৰখা হ'ব। তীৰ্থ যাত্ৰীৰ শিবিৰসমূহ বান, খহনীয়া, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব পৰা ঠাইৰ পৰিৱৰ্তে সুৰক্ষিত স্থানত নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। এই সন্দৰ্ভত ইতিমধ্যে ঠাই বিচাৰি উলিওৱা হৈছে।

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি ! গৃহমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান...
দেশত বৃদ্ধি পালে MBBS ৰ আসনৰ সংখ্যাঃ নতুনকৈ আৰম্ভ হ'ব ৫০ খন মেডিকেল কলেজ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in