এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ

এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ
এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ

ডিজিটেল ডেস্কঃ টি-২০ ত ১৬ বছৰীয়া ৰেকৰ্ড ভংগ হ'ল ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ।এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিং এয়াৰীয়ে বুধবাৰে মাত্ৰ ৯টা বলত টি-২০ ক্ৰিকেটত ৫০ ৰাণ কৰি গঢ়িলে নতুন ৰেকৰ্ড। যাৰ ফলত ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত খেলত যুৱৰাজ সিঙে গঢ়া অভিলেখ ভংগ হয়। যুৱৰাজ সিঙে ২০০৭ চনৰ খেল খনত ১২টা বলত ৫০ ৰাণ কৰিছিল। দীপেন্দ্ৰই ১০ টা বলত ৫২ ৰণ কৰে, যত ৮ বাৰ ৬ কোবায়।

এই খেলখনত নেপালে মংগোলিয়াৰ বিৰুদ্ধে ৩১৪/৩ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি ৩৪ টা বলত শতক অৰ্জন কৰা কুশল মাল্লা টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা নেপালৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

এই সাফল্য কেৱল দীপেন্দ্ৰ সিঙৰ নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিযোগিতামূলক শক্তি হিচাপে উদীয়মান নেপালৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ২৪ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে অভিলেখ গঢ়ি ক্ৰিকেট জগতত নিজৰ নাম খোদিত কৰিলে।

এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ
দিয়াছলাইৰ বাকচত ৩৫ খনকৈ ত্ৰিৰংগা অংকন কৰি অভিলেখ গঢ়িলে কাছাৰৰ যুৱকে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in