২২ জানুৱাৰীত চৰকাৰী বন্ধ! খোলা নাথাকে সুৰাৰা বিপনীও

বহু প্ৰতীক্ষাৰ অন্তত ২২ জানুৱাৰীত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।যাৰ ফলত এতিয়া চহৰখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গণ্যমান্য ব্যক্তি তথা সাধু-সন্ত উপস্থিত থাকিব।

author-image
Asomiya Pratidin
New Update
২২ জানুৱাৰীত চৰকাৰী বন্ধ! খোলা নাথাকে সুৰাৰা বিপনীও

ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত ২২ জানুৱাৰীত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।যাৰ ফলত এতিয়া চহৰখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গণ্যমান্য ব্যক্তি তথা সাধু-সন্ত উপস্থিত থাকিব।

Advertisment

এই পৰিপ্ৰেক্ষিতত ২২ জানুৱাৰীত উত্তৰ প্ৰদেশ চৰকাৰে সকলো বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছে। এই দিনটোত সুৰাৰ দোকানসমূহো বন্ধ ৰখা হ’ব। ইয়াৰ লগতে গোৱা চৰকাৰেও ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয়সমূহত বন্ধৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰো চৰকাৰী বন্ধ ঘোষণা কৰিছে।

আনফালে উক্তদিনটোত অসম চৰকাৰেও ড্ৰাই ডে’ ঘোষণা কৰিছে। এই দিনটোত ৰাজ্যত সুৰা বিপণীসমূহ বন্ধ ৰখা হ’ব।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনৰ পৰিবহণ বিভাগক অযোধ্যাত অনুষ্ঠিত হ’ব লগা বিভিন্ন অনুষ্ঠানত প্ৰয়োজন সাপেক্ষে টেক্সি আৰু পৰ্যটকৰ সুবিধাৰ্থে যান-বাহনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

Also Read: দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

uttar pradesh goverment ram mandir goa govt ayodhya