দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

author-image
Asomiya Pratidin
New Update
দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

দেশৰ দীৰ্ঘতম সাগৰীয় সেতু উদ্বোধনঃ আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক লোৰ ব্যৱহাৰ...

ডিজিটেল ডেস্কঃ আজি দেশৰ দীৰ্ঘতম সমুদ্ৰসেতু উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মুম্বাইৰ পৰা নবী মুম্বাই সংযোগকাৰী এই সমুদ্ৰসেতুৰ নাম দিয়া হৈছে অটল সেতু।

Advertisment

এই অটল সেতু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। এই সেতু উদ্বোধন হোৱাৰ পাছতে এতিয়া শীঘ্ৰেই সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়া হ'ব।

প্ৰায় ১৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সেতুৰ দৈৰ্ঘ্য ২১.৮ কিলোমিটাৰ। এই নতুন সেতুখনৰ ফলত ২০ ঘণ্টাৰ দূৰত্ব এতিয়া ২০ মিনিটত অতিক্ৰম কৰিব পাৰিব।

জানিব পৰা মতে এই সেতুখনৰ নিৰ্মাণৰ বাবে ১৭৭৯০৩ মেট্ৰিক টন লোহা ব্যৱহাৰ কৰা হৈছে। আইফেল টাৱাৰতকৈ ১৭ গুণ অধিক ওজনৰ লোহা ব্যৱহাৰ কৰা হৈছে এই সেতু নিৰ্মাণত।

প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্য়ৰ এই সেতুখনৰ ১৬.৫ কিলোমিটাৰ অংশ গৈছে সাগৰৰ ওপৰেৰে। এই সেতুখন আৰম্ভ হৈছে দক্ষিণ মুম্বাইৰ সেৱাৰীৰ পৰা। ইয়াৰ পৰা সেতুখনে থানে ক্ৰীক, শিৱাজী নগৰ, জাছী আৰু নৱী মুম্বাইৰ চাৰ্লিত সমাপ্ত হৈছে।

এই সেতুখনৰ নিৰ্মাণ আৰম্ভ হৈছিল ২০১৮ চনত। এই সেতুখন অতিক্ৰম কৰিবলৈ কিমান টোল টেক্স দিব লাগিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই যদিও সেতুখনেৰে পাৰ হ'বলৈ টোল টেক্স দিব যে লাগিব সেয়া প্ৰায় নিশ্চিত। এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি এই সেতুখনত ২৫০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত টোল টেক্স আদায় দিব লাগিব। এদিনত এই সেতুখনেৰে ৭০ হাজাৰ বাহন অতিক্ৰম কৰিব পাৰিব।

Also Read: ভুৱা নথিৰে চাকৰি ! ৩৮২ শিক্ষকক নিলম্বন, ঘূৰাই দিব লাগিব দৰমহা...

মহাৰাষ্ট্ৰ নৰেন্দ্ৰ মোডী