অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ স্মাৰকপত্ৰ

অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ, হাজোঃ ২৬ ফেব্ৰুৱাৰী'২০২৪ তাৰিখে অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি(AISEC) ৰ পক্ষৰ পৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। স্মাৰকপত্ৰখনত কোৱা হয় যে, জাতীয় শিক্ষানীতি'২০২০ চূড়ান্ত জনবিৰোধী আৰু দৰিদ্ৰ বিৰোধী। এই নীতিয়ে দেশৰ ধনী আৰু দুখীয়াৰ মাজত বিভাজন বৃদ্ধি কৰিব আৰু লগতে ভাৰতৰ ঐক্য- সংহতি বিনষ্ট কৰিব। এই নীতিয়ে শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ আৰু কৰপোৰেটিকৰণত উদগনি দিব। যৌথ তালিকাভূক্ত বিষয় হোৱা সত্বেও এই শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যই নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ খৰ্ব কৰিছে।

স্মাৰকপত্ৰত দাবী জনোৱা হয় যে, জাতীয় শিক্ষানীতি'২০২০ বাতিল কৰি দেশৰ বিশিষ্ট শিক্ষাবিদ সকলক লৈ এখন নতুন জাতীয় শিক্ষা কমিচন গঠন কৰিব লাগে, যি কমিচন সকলো ধৰণৰ চৰকাৰী প্ৰভাৱ মুক্ত থাকি সংশ্লিষ্ট সকলো পক্ষৰ লগত আলোচনামৰ্মে এক নিৰপেক্ষ, জনস্বাৰ্থমূখী শিক্ষানীতি প্ৰৱৰ্তন কৰিব।

স্মাৰকপত্ৰখনত দেশৰ প্ৰায় ৩০০ গৰাকী আগশাৰীৰ শিক্ষাবিদে স্বাক্ষৰ কৰিছে। এই সকলৰ ভিতৰত প্ৰখ্যাত ইতিহাসবিদ অধ্যাপক ইৰফান হাবিব, অধ্যাপক ৰাম পুনিয়ানী, শ্ৰী প্ৰকাশ এন শ্বাহ, অধ্যাপক জৱাহৰ নেচান, অধ্যাপক চন্দ্ৰশেখৰ চক্ৰৱৰ্তী, অধ্যাপক সচ্চিদানন্দ সিনহা আৰু অন্যান্য সকলৰ লগতে অসমৰ পৰা অধ্যাপক তপোধীৰ ভট্টাচাৰ্য, অধ্যাপক ঘনশ্যাম নাথ উল্লেখনীয়।

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকললৈ দিয়া স্মাৰক পত্ৰত তেওঁলোকৰ নিজ নিজ ৰাজ্যত জাতীয় শিক্ষানীতি'২০২০ কাৰ্যকৰী নকৰিবলৈ আহ্বান জনোৱা হয়, কাৰণ ই দেশৰ ফেডাৰেল আৰু গণতান্ত্ৰিক গাথঁনিক ধ্বংস কৰি কেন্দ্ৰৰ হাতত সকলো ক্ষমতা পূঞ্জিভূত কৰিব। লগতে মুখ্যমন্ত্ৰীসকলৰ ওচৰত দাবী জনোৱা হয় যে, তেওঁলোকেও যাতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকলক লৈ শিক্ষা কমিচন গঠন কৰি ৰাজ্যৰ বিশেষ পৰিস্থিতি বিবেচনাত লৈ এক জনমুখী বিকল্প শিক্ষানীতি গ্ৰহন কৰে।

দেশৰ বিভিন্ন ৰাজনৈতিক দলবোৰলৈ দিয়া পত্ৰত আইছেকে আহ্বান জনায় যে, তেওঁলোকে যাতে জাতীয় শিক্ষানীতি'২০২০ প্ৰতিহত কৰিবলৈ ব্যৱস্থা হাতত লয় আৰু নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰে যে, তেওঁলোক ক্ষমতালৈ আহিলে জাতীয় শিক্ষানীতি'২০২০ বাতিল কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিব। এই পত্ৰ জাতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ দলবোৰ যেনে, কংগ্ৰেছ, চিপিআই, চিপিএম, আপ, বিজেডি, এছপি, ডিএমকে, ৰাইজৰ দল, ইউডিএফ ইত্যাদি দলবোৰলৈ পঠোৱা হয়।

অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ স্মাৰকপত্ৰ
ডাম্পাৰ আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষঃ নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in