এপ্ৰিলত ১৫ বছৰ পাৰ হোৱা সকলো বাহনে বিদায় ল'ব লাগিব ৰাজপথৰ পৰা...

এপ্ৰিলত ১৫ বছৰ পাৰ হোৱা সকলো বাহনে বিদায় ল'ব লাগিব ৰাজপথৰ পৰা...
এপ্ৰিলত ১৫ বছৰ পাৰ হোৱা সকলো বাহনে বিদায় ল'ব লাগিব ৰাজপথৰ পৰা...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক নতুন নিয়ম। সেই অনুসৰি অহা এপ্ৰিলৰ পৰা ১৫ বছৰ সম্পূৰ্ণ হোৱা সকলো চৰকাৰী বাহনে স্বয়ংক্ৰিয় ভাৱে ৰাজপথত চলাচাল কৰাৰ অধিকাৰ হেৰুৱাব।

কিয়নো এই বাহনসমূহৰ পঞ্জীয়নৰ ম্যাদ উকলিব। উল্লেখ্য যে ভাৰতৰ ৰাজপথৰ পৰা পুৰণি আৰু প্ৰদূষণকাৰী তথা কম সুৰক্ষিত বাহনসমূহ আঁতৰ কৰাৰ উদ্দেশ্যৰে নীতি গাডকাৰী নেতৃত্বাধীন পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ইতিমধ্যে নীতি গ্ৰহণ কৰিছে।

এই নীতিৰ খচৰা যোৱা নৱেম্বৰ মাহত প্ৰকাশ পাইছে। বিভাগৰ নতুন নিয়ম অনুসৰি, চৰকাৰৰ মালিকানাধীন, কেন্দ্ৰ বা ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, পৌৰ নিগম বা চৰকাৰৰ মালিকানাধীন বা নিয়ন্ত্ৰিত যিকোনো সংগঠনৰ মালিকানাধীন ১৫ বছৰ সীমা অতিক্ৰম কৰা যিকোনো বাহনৰ চলাচল বন্ধ হব লাগিব।

সমগ্ৰ ভাৰতত হাজাৰ হাজাৰ এনে বাহনে কেৱল আঁচনিখনত নিৰ্দেশিত পঞ্জীভুক্ত বাহন স্ক্ৰেপিং সুবিধাৰ জৰিয়তে বাতিল কৰিব লাগিব। অৱশ্যে, চৰকাৰৰ মালিকানাধীন বিশেষ উদ্দেশ্যৰ বাহন, যেনে দেশৰ প্ৰতিৰক্ষাৰ বাবে আৰু আইন-শৃংখলা আৰু আভ্যন্তৰীণ সুৰক্ষা ৰক্ষণাবেক্ষণৰ বাবে কাৰ্যকৰী উদ্দেশ্যৰ বাবে ব্যৱহৃত সুসজ্জিত আৰু অন্যান্য বিশেষ বাহন আদিক নতুন নিয়মৰ পৰিধিৰ পৰা আঁতৰাই ৰখা হৈছে।

সময়ে সময়ে, বাহন স্ক্ৰেপিং নীতি বিশ্বব্যাপী অটোমোবাইল নিৰ্মাণ আৰু আনুষঙ্গিক খণ্ডবোৰক এক উৎসাহ প্ৰদান কৰিবলৈ আৰু বজাৰত নতুন গাড়ীৰ নতুন চাহিদা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। বাণিজ্যিক বাহন আৰু ব্যক্তিগত বাহনৰ বাবে, আঁচনিখন ২০২৪ ৰ জুন মাহৰ পৰা প্ৰযোজ্য হ'ব।

এপ্ৰিলত ১৫ বছৰ পাৰ হোৱা সকলো বাহনে বিদায় ল'ব লাগিব ৰাজপথৰ পৰা...
হোৰাহোৰে হ্ৰাস সম্পত্তিঃ ৩ দিনত আদানিৰ ১.৩২ লাখ কোটি, বিনিয়োগকাৰীৰ ২.৭৫ লাখ কোটি লোকচান....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in